"পাকিস্তানক বাহিৰ কৰিবলৈ ইচ্ছাকৃতভাৱে বেয়া খেলিছে ভাৰতে" শ্বোৱেইবে দিলে প্ৰত্যুত্তৰ

"পাকিস্তানক বাহিৰ কৰিবলৈ ইচ্ছাকৃতভাৱে বেয়া খেলিছে ভাৰতে" শ্বোৱেইবে দিলে প্ৰত্যুত্তৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ এছিয়া কাপ ২০২৩ৰ দ্বিতীয়খন ছুপাৰ ৪ মেচত মঙলবাৰে শ্ৰীলংকাক পৰাস্ত ভাৰতে ফাইনেলত স্থান দখল কৰে। এই মেচখনতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ৫৩ ৰাণ অৰ্জন কৰি এদিনীয়া শৃংখলাত ১০ হাজাৰ ৰাণৰ ক্লাৱত প্ৰৱেশ কৰে। কিন্তু ১২ চেপ্তেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ২২৮ ৰাণত জয়লাভ কৰা মেচখনৰ তুলনাত মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম ইনিংছত ভাৰতীয় দলটোৰ প্ৰদৰ্শনী কিছু দুৰ্বল দেখা গ'ল।

১২ চেপ্তেম্বৰত পাকিস্তানৰ অভিজ্ঞ বলাৰসকলৰ বিৰুদ্ধে বেটেৰে প্ৰকোপ চলোৱা ভাৰতীয় দলৰ বেটিং টপ অৰ্ডাৰে মঙলবাৰে শ্ৰীলংকাৰ ২০ বছৰীয়া যুৱ খেলুৱৈ দুনিথ ৱেলালেগেৰ হাতত ইনিংচৰ আধাতে ৫ টা উইকেট হেৰুৱায়।

পাকিস্তানৰ বিৰুদ্ধে ৩৫৬ ৰাণ কৰা ভাৰতে ১২ চেপ্তেম্বৰত কলম্বোৰ প্ৰেমাদাসা ষ্টেডিয়ামত মাত্ৰ ২১৩ ৰাণতে অল আউট হোৱাৰ বাবে পাকিস্তানৰ বহু ক্ৰিকেট অনুৰাগীয়ে প্ৰাক্তন পাকিস্তানী পেচাৰ শ্বোৱেইব আখতাৰক ভাৰতে ইচ্ছাকৃতভাৱে মেচখন পৰাস্ত কৰিবলৈ চেষ্টা কৰিছে বুলি মেছেজ কৰাৰ এটা খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈ আছে। অৱশ্যে আখতাৰে অনুৰাগীসকলক তেওঁলোকৰ অযুক্তিকৰ কথাৰ বাবে উচিত প্ৰত্যুত্তৰ দিয়ে বুলিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

প্ৰাক্তন পাকিস্তানী পেচাৰ শোৱেইব আখতাৰে নিজৰ ইউটিউব চেনেল যোগে এটা ভিডিঅৰ দ্বাৰা ভাৰতে পাকিস্তানক এচিয়া কাপৰ পৰা বাহিৰ কৰাৰ উদ্দেশ্যে শ্ৰীলংকাৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিব বিচৰা বুলি উঠা অভিযোগক সম্পূৰ্ণৰূপে খণ্ডন কৰি কয় যে, শ্ৰী লংকাই নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি বলিং কৰিছে। তাৰ প্ৰত্যুত্তৰত ভাৰতেও যুঁজ দিছে। আখতাৰে ভাৰতৰ পক্ষত যুক্তি দেখুৱাই অনুৰাগীসকলক প্ৰশ্ন কৰে যে, ভাৰতে কিয় সেই খেলখনত পৰাস্ত হ’ব য’ত জয়লাভ কৰিলে তেওঁলোকৰ ফাইনেললৈ অগ্ৰগতি নিশ্চিত হ’ব। লগতে শ্ৰীলংকাৰ উদীয়মান খেলুৱৈ ৱেলালেগে আৰু আচালাংকাৰ প্ৰৰাক্ৰমী প্ৰদৰ্শনৰ প্ৰশংখা কৰে।

মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে জয়ী হোৱা ভাৰত জয়ী হোৱাৰ পিছত পাকিস্তানী সংবাদ মাধ্যম ৰাৱালপিণ্ডি এক্সপ্ৰেছে ভাৰতৰ স্পিনাৰ কুলদীপ যাদৱক বিশেষ প্ৰশংসা কৰে, যিয়ে খেলখনত ৪টা উইকেট দখল কৰি খেলখন ভাৰতৰ পক্ষত উভতাই আনিছিল।

ইয়াৰ উপৰি পাকিস্তানী দলটোৰ ভাৰতৰ বিৰুদ্ধে অন্তিমখন খেলত দেখুওৱা প্ৰদৰ্শনীৰ সমালোচনাও কৰাৰ লগতে পেচাৰ হৰিছ ৰাউফ, নাছিম শ্বাহ আৰু শ্বাহীন আফ্ৰিদীৰ ফিটনেছক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন পাকিস্তানী খেলুৱৈ গৰাকীয়ে।

মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে জয়ী হোৱা ভাৰত জয়ী হোৱাৰ পিছত পাকিস্তানী সংবাদ মাধ্যম ৰাৱালপিণ্ডি এক্সপ্ৰেছে ভাৰতৰ স্পিনাৰ কুলদীপ যাদৱক বিশেষ প্ৰশংসা কৰে, যিয়ে খেলখনত ৪টা উইকেট দখল কৰি খেলখন ভাৰতৰ পক্ষত উভতাই আনিছিল।

ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে এতিয়া পাকিস্তানে খিতাপ নিৰ্ণায়ক প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰিবলৈ হ’লে পৰৱৰ্তী মেচত শ্ৰীলংকাক পৰাস্ত কৰাটো বাধ্যতামূলক হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in