পেৰিছ অলিম্পকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিলে শ্বুটাৰ মানু ভাকৰে

পেৰিছ অলিম্পকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিলে শ্বুটাৰ মানু ভাকৰে
Published on
Updated on

ডিজিটেল ডেস্ক : ভাল খবৰ। পেৰিছ অলিম্পিকৰ পৰা আহিছে এই ভাল খবৰ । দেওবাৰে ভাৰতৰ শ্বুটাৰ মনু ভাকৰে লাভ কৰিছে ব্ৰঞ্জৰ পদক। এয়া হৈছে এইবাৰৰ অলিম্পিকত ভাৰতে লাভ কৰা প্ৰথমটো পদক।

মনু ভাকৰে অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ ব্যক্তিগত শাখাত এই সফলতা অৰ্জন কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মনু ভাকৰ হৈছে প্ৰথমগৰাকী মহিলা শ্বুটাৰ যিয়ে অলিম্পিক পদক অৰ্জন কৰিছে।

ইয়াৰ পূৰ্বে পুৰুষৰ শাখাত ২০০৮ চনত অভিনৱ বিন্দ্ৰাই সোণৰ পদক লাভ কৰিছিল। বিন্দ্ৰাই ৱেইজিং অলিম্পকিত এই কৃতিত্ব অৰ্জন কৰিছিল। একেদৰে ২০০৪ত ৰাজেন্দ্ৰ সিং ৰাথোৰে ৰূপৰ পদক লাভ কৰিছিল। ২০১২ৰ অলিম্পিকত গগন নৰগানে ব্ৰঞ্জ আৰু বিজয় কুমাৰে ৰূপৰ পদক লাভ কৰিছিল।   

পেৰিছ অলিম্পকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিলে শ্বুটাৰ মানু ভাকৰে
কাছাৰত ৯ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in