ডিজিটেল সংবাদ উৰিয়া গাঁওঃ নগাঁৱৰ উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত আজিৰে পৰা ঐতিহ্যমণ্ডিত উৰিয়া গাঁও খেলপথাৰত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই উপলক্ষে উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই।
ইয়াৰ পিছতে ছহিদ তৰ্পন কৰে সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দন গোস্বামীয়ে। বিয়লি অনুষ্ঠিত হয় খেল উদ্বোধনী অনুষ্ঠান। ফুটবল খেলখন শুভ উদ্বোধকৰে নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে।
ভাষণত ক্ৰীড়া সংগঠক দাসে ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি প্ৰতিযোগিতামূলক ফুটবল প্ৰতিযোগিতাই যুৱ প্ৰজন্মৰ মাজত প্রতিভা বিকশিত কৰাত সহায় কৰিব বুলি মন্তব্য কৰাৰ লগতে এই অঞ্চলৰ ৰাইজৰ মাজত সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এনে ধৰণৰ খেলা ধূলাৰ আৱশ্যক বুলি তেওঁ ভাষণত উল্লেখ কৰে।
উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উপ সভাপতি ৰাজ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোৰ উদ্বোধনী মহিলা প্ৰীতি ফুটবল খেলখনত মৰিগাঁৱৰ কুশতলি এফ চি দলে নগাঁও জে বি ক্লাৱক ২-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। উদ্বোধনী অনুষ্ঠানটোত উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি পিতাম্বৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য গীতাৰ্থ শইকীয়া, কমলেশ শইকীয়া,পদুম বৰুৱা, প্ৰবোধ কুমাৰ বৰা, প্ৰভাত বৰা, ৰুপৰাম হাজৰিকা, বিকি হাজৰিকা, দেবেন বৰা, তোষেস্বৰ কলিতা প্ৰমুখ্যে বহু লোক উপস্থিত থাকে।প্ৰতিযোগিতাখনত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিছে।
Also Read: কচুৱাৰ ৰজাগাঁৱত গ্ৰাম্য ঔষধ সংস্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...