অভিষেক মেচতে উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ

পৰাক্ৰমী বলিং ৰাসায়নত বিপদগ্ৰস্ত শ্ৰীলংকা
অভিষেক মেচতে উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ
Published on
Updated on

ডিজিটেল ডেস্ক : অভিষেক মেচত উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ। এক কথাত প্ৰিয় খেলুৱৈ বিৰাট কোহলিৰ কথা ৰাখিলে ৰিয়ান পৰাগে। ৭ আগষ্ট বুধবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছে অসম সন্তান ৰিয়ান পৰাগৰ।

ৰিয়ানক আনুষ্ঠানিকভাৱে এদিনীয়া মেচৰ কেপ শিৰত তুলি দিয়ে প্ৰাক্তন অধিনায়ক তথা ৰিয়ান পৰাগৰ প্ৰিয় খেলুৱৈ বিৰাট কোহলিয়ে।এই সময়ছোৱাত কোহলিয়ে ৰিয়ানক উদ্দেশ্যি কেতবোৰ পৰামৰ্শমূলক চমু বক্তব্য প্ৰদান কৰে।

বিৰাটৰ পৰামৰ্শ যেন শিৰোধাৰ্য কৰি লৈছিল ৰিয়ানে। তাৰে প্ৰমাণ হিচাপে অভিষেক মেচতে উজলি উঠে নৱাগত খেলুৱৈ ৰিয়ান পৰাগ।

ৰিয়ানে আজিৰ এই গুৰুত্বপূৰ্ণ মেচখনত বাতৰি লিখা পৰলৈকে ৩টা উইকেট দখল কৰে। শ্ৰীলংকাৰ অপেনিং বেটাৰ আৱিষ্কা ফাৰ্ণাণ্ডো, অধিনায়ক আছালাংকা আৰু ডুনিথ ৱাল্লাগেৰ উইকেট দখল কৰে ৰিয়ান পৰাগে। ৰিয়ানৰ পৰাক্ৰমী বলিং ৰাসায়নত বিপদগ্ৰস্ত হৈ পৰে শ্ৰীলংকা। প্ৰতিটো বলৰ ঘূৰ্ণি বুজিবলৈ শ্ৰীলংকান বেটাৰৰ মূৰৰ কামৰোণি হৈ পৰিছে ৰিয়ান।

ৰিয়ানৰ এই সাফল্যৰ বাবে সতীৰ্থসকলে অভিবাদন জনায়। কাৰ্যতঃ গুৰু গৌতম গম্ভীৰৰ তেঁওৰ প্ৰতি থকা আস্থাক সন্মান জনোৱাৰ উপৰি বিৰাট কোহলিৰ বিশ্বাসৰ প্ৰতিও ৰিয়ানে এই প্ৰদৰ্শনৰ দ্বাৰা সন্মান জনালে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যোৱা ৬জুলাইত জিম্বাৱ’বেৰ বিপক্ষে আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটিছিল ৰিয়ান পৰাগৰ। টি-২০ ক্ৰিকেটৰ জৰিয়তে অভিষেক ঘটাৰ পাছত ৭ আগষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটিল অসম সন্তানগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in