শতকেৰে আহমেদাবাদত স্মৃতিৰ নতুন অভিলেখ...

মিঠালী ৰাজক অতিক্ৰম কৰি সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত স্মৃতি মান্ধনা

author-image
Asomiya Pratidin
New Update
শতকেৰে আহমেদাবাদত স্মৃতিৰ নতুন অভিলেখ...

শতকেৰে আহমেদাবাদত স্মৃতিৰ নতুন অভিলেখ...

ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ষ্টাৰ ক্ৰিকেটাৰ স্মৃতি মান্ধানাই গঢ়িলে এক নতুন অভিলেখ। পূৰ্বৰ অধিনায়ক মিঠালী ৰাজক অতিক্ৰম কৰি সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ল স্মৃতি।

দেশৰ মাটিত চলি থকা ভাৰত-নিউজিলেণ্ডৰ মহিলা দল দুটাৰ মাজৰ এদিনীয়া শৃংখলা ভাৰতে ২-১ ব্যৱধানত দখল কৰিবলৈ সক্ষম হৈছে। আজি আহমেদাবাদত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয় তথা নিৰ্ণায়ক মেচখনত স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ভাৰতে ৬ উইকেটত বিজয় সাব্যস্ত কৰে।

শৃংখলাৰ প্ৰথমখন মেচ ভাৰতে ৫৯ ৰাণত জয় কৰিছিল। দ্বিতীয়খন এদিনীয়াত আলহী দলটোৱে ভাৰতীয় দলটোক ৭৬ ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল।

আজিৰ মেচখনত নিউজিলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি ২৩৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। এই লক্ষ্য আগত লৈ ভাৰতীয় মহিলা দলটোৱে ৪ উইকেট হেৰুৱাই ৪৪.৩ অভাৰতে বিজয় সাব্যস্ত কৰে।

মেচখনত স্মৃতি মান্ধানাই ১২২ বলত ১০০ ৰাণৰ ইনিংছ উপহাৰ দিয়ে। ইয়াৰ লগে লগে মান্ধানাই এক নতুন অভিলেখো গঢ়িবলৈ সক্ষম হয়। তেওঁ হৈ পৰিল ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰা মহিলা ক্ৰিকেটাৰ।

মান্ধানাই মুঠ ৮৮ খন মেচ খেলি এই অভিলেখ গঢ়িছে। ইয়াৰ বিপৰীতে পূৰ্বৰ অধিনায়ক মিঠালী ৰাজে ২৩২ খন এদিনীয়া খেলি ৭ টা শতক অৰ্জন কৰি সৰ্বাধিক শতক অৰ্জন কৰাৰ এক অভিলেখ গঢ়ি থৈছিল।

আজিৰ মেচখনত স্মৃতিৰ উপৰিও ভাৰতীয় দলটোৰ হৰমনপ্ৰীত কৌৰেও অৰ্ধশতকীয় ইনিংছ উপহাৰ দিয়ে। তেওঁ ৬৮ টা বলত ৭০ ৰাণ কৰে। য়ষ্টিকা ভাটিয়াই ৪৯ বলত ৩৫ ৰাণ কৰে। ভাৰতৰ হৈ দিপ্তী শৰ্মাই সৰ্বাধিক ৩ টা আৰু প্ৰিয়া মিশ্ৰই ২ টা উইকেট লাভ কৰে।

ক্ৰিকেট স্মৃতি মান্ধানা মহিলা ক্ৰিকেট