ক্ৰিকেট বলিয়াৰ দেশত আজি এছিয়াৰ প্ৰাচীন ডুৰাণ্ড কাপৰ ফাইনেল...

কলকাতাত মুখামুখী হ'ব মোহনবাগান আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি
ক্ৰিকেট বলিয়াৰ দেশত আজি এছিয়াৰ প্ৰাচীন ডুৰাণ্ড কাপৰ ফাইনেল...
ক্ৰিকেট বলিয়াৰ দেশত আজি এছিয়াৰ প্ৰাচীন ডুৰাণ্ড কাপৰ ফাইনেল...
Published on
Updated on

আজি সন্ধিয়া ৫-৩০ বজাৰ পৰা কলকাতাত ডুৰাণ্ড কাপৰ ফাইনেল। এছিয়াৰে অতি প্ৰাচীন এই প্ৰতিযোগিতাখনক লৈ যিধৰণে চৰ্চা হোৱাৰ প্ৰয়োজন আছিল সেই ধৰণে হোৱা নাই। শক্তিশালী মোহন বাগানে এই প্ৰতিযোগিতাত গঢ়িছে বহু ৰেকৰ্ড। প্ৰথমবাৰৰ বাবে NEUFC য়ে ফাইনেল খেলিবলগীয়া এই মেচত পাৰিবনে বিজয় সাব্যস্ত কৰিবলৈ? এইসমূহ দিশ সামৰিয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

ফুটবল মানেই উত্তেজনা। ফুটবল মানেই উন্মাদনা। সমগ্ৰ বিশ্বতে এনে উন্মাদনাৰ সৃষ্টি কৰি সৌ-সিদিনা অন্ত পৰিছিল কোপা আমেৰিকা আৰু ইউৰো কাপ। এই দুই জনপ্ৰিয় প্ৰতিযোগিতাৰ অন্ত পৰাৰ পিছত বিশ্বৰ ফুটবল অনুৰাগীসকলে দৃষ্টি ৰাখিছে ক্লাবসমূহলৈ।

বিশ্বৰ অন্যান্য প্ৰান্তত এইদৰে ফুটবলক লৈ অব্যাহত থকা উন্মাদনাৰ মাজত কিন্তু ভাৰতত ফুটবলৰ পৰিবৰ্তে ক্ৰিকেটকলৈহে অব্যাহত আছে চৰ্চা। টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দলৰ আনন্দ, উৎসৱত এতিয়াও মতলীয়া হৈ আছে কোটি কোটি ক্ৰীড়া অনুৰাগী।

তাৰোপৰি চৰ্চা চলি আছে আগন্তুক চেম্পিয়নছ ট্ৰফীৰ। আলোচনা হৈছে ভাৰত-বাংলাদেশৰ দ্বিপাক্ষীক শৃংখলাৰ বিষয়েও। আনকি অলিম্পিকৰ মাজতো ভাৰতত অলিম্পিক ক্ৰীড়াৰ পৰিবৰ্তে চৰ্চাৰ শীৰ্ষত আছিল ক্ৰিকেট।

বিশ্বৰ মাত্ৰ কেইখনমান দেশে খেলা ক্ৰিকেট ভাৰতত যিদৰে জনপ্ৰিয় সেইদৰে কিন্তু আজিও জনপ্ৰিয় নহয় ফুটবল। অথচ ভাৰতৰ ফুটবলৰ আছে এক সোণালী ইতিহাস। আজি অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে এছিয়াৰ আটাইতকৈ প্ৰাচীন ঘৰুৱা ফুটবল প্ৰতিযোগিতাখনৰ ফাইনেল।

এই বিষয়ত যিদৰে চৰ্চা হোৱাৰ প্ৰয়োজন আছিল সেইদৰে কিন্তু চৰ্চা হোৱা পৰিলক্ষিত হোৱা নাই। বহুতেই হয়তো নাজানে আজিৰ এই ফাইনেল মেচখনৰ কথা। আজি সন্ধিয়া ৫-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই মেচখনক লৈ সামাজিক মাধ্যমত দেখা নাই উৎসুকতা।

আজি ১৩৩ সংখ্যক ডুৰাণ্ড কাপৰ ফাইনেল। এছিয়াৰে আটাইতকৈ প্ৰাচীন এই পুৰণি ঘৰুৱা ফুটবল প্ৰতিযোগিতাখন বিশ্বৰো পঞ্চম প্ৰাচীন ফুটবল প্ৰতিযোগিতা। অথচ আজিও ফিফা ৰেংকিঙত ভাৰতৰ স্থান ১২৪ ।

ফুটবলৰ প্ৰতি দেখুওৱা এনে অনিহাৰ বাবেই ১৩০ কোটি জনতাৰ দেশ ভাৰতে ফিফা বিশ্বকাপত খেলাৰ সপোন পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। অথচ ১৮৮৮ চনতে হিমাচল প্ৰদেশত আৰম্ভ হৈছিল ডুৰাণ্ড কাপৰ দৰে ঐতিহ্যমণ্ডিত ফুটবল প্ৰতিযোগিতা।

এই প্ৰাচীন প্ৰতিযোগিতাখনত সৰ্বাধিক ১৭ বাৰৰ বাবে ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে মোহন বাগানে। আজি এই শক্তিশালী মোহন বাগানৰ সৈতেই প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ ফাইনেল খেলিব নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ফুটবল দল হিচাপে এই প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰবেশ কৰিছে দলটো।

এই পৰ্যন্ত মোহনবাগানে ৩০ বাৰ ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰবেশ কৰিছে। আজিৰ ফাইনেল মেচখনত মোহন বাগানকেই ফেভাৰিট আখ্যা দিয়া হৈছে। যদিও সেই মতেই নৰ্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰিবলৈ সক্ষম হয় তেন্তে মোহন বাগানে নিজৰেই ৰেকৰ্ড ভংগ কৰি ১৮ বাৰৰ বাবে এই ট্ৰফী জয় কৰিবলৈ সক্ষম হ'ব।

অৱশ্যে মোহন বাগানক ইমান সহজেই এৰি নিদিয়ে নৰ্থ ইষ্ট ইউনাইটেডে। ট্ৰফী জয়ৰ ভোকত থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে এই ট্ৰফী জয়ৰ সপোন দেখিছে। এই সপোনক বাস্তৱায়িত কৰিবলৈকে এতিয়ালৈকে সন্মুখত অহা প্ৰতিটো প্ৰত্যাহ্বান উফৰাই আহিছে দলটোৱে। এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। সেয়ে মোহন বাগানৰ বাবেও এয়া ইমান সহজ নহ'ব।

ছেমি ফাইনেলত আঘাতৰ সন্মুখীন হৈ খেল পথাৰ ত্যাগ কৰিছিল মোহন বাগানৰ অধিনায়ক শুভাশিষে। সেয়ে দলটো কিছু চাপত আছে। যদিও শুভাশিষে অনুশীলন আৰম্ভ কৰিছে তথাপিও তেওঁ আজি ফাইনেলত খেলিব নে নাই সেয়া স্পষ্ট হোৱা নাই।

মোহন বাগানৰ নতুন প্ৰশিক্ষক মোলিনাই আজিৰ মেচখনৰ পূৰ্বে কয়, দলৰ মাজত মূল একাদশত স্থান লাভ কৰিবলৈ যি প্ৰতিযোগিতা চলিছে তাত তেওঁ যথেষ্ট সুখী। তেওঁ কয়, সকলো খেলুৱৈয়ে মূল একাদশত স্থান পোৱাৰ আশা কৰিছে। সকলোৱে সেই লক্ষ্যৰেই অনুশীলন কৰি আছে। দলৰ স্বাৰ্থই সকলোৰে আগত। দলৰ স্বাৰ্থত যাক যেনেকৈ ব্যৱহাৰ কৰিব পাৰি তেনেকৈ ব্যৱহাৰ কৰা হ'ব।

ইফালে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰৱেশ কৰা নৰ্থ ইষ্ট ইউনাইটেডৰ সন্দৰ্ভতো মোহন বাগানৰ প্ৰশিক্ষকগৰাকীয়ে মন্তব্য কৰিছে। তেওঁ কয়, নৰ্থ ইষ্ট ইউনাইটেড এফ চি খুব ভাল দল। তেওঁলোকৰ উইং প্লে' খুব ভাল, কিন্তু আমিও সাজু হৈ আছো। প্ৰতিপক্ষক সমীহ কৰিও তেওঁ কয়, ঘৰৰ মাটিত ফাইনেল খেলিব পোৱাৰ বাবে আমি অধিক এডভাণ্টেজ লাভ কৰিম।

মন কৰিবলগীয়া যে, এইবাৰ মোহন বাগানে কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেলত ক্ৰমে পঞ্জাৱ আৰু বেংগালুৰুক পেনাল্টি শ্বটআউটত পৰাস্ত কৰি ফাইনেলত প্ৰবেশ কৰিছে। ইয়াৰ বিপৰীতে কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় সেনাক ২-০ ব্যৱধানত আৰু ছেমি ফাইনেলত শ্বিলং লাজং ক্লাবক ঘৰুৱা খেল পথাৰতে ৩-০ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰবেশ কৰিছে।

নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষক হুয়ান পেড্ৰোহে ফাইনেল মেচখনৰ পূৰ্বে কয়, কলকাতাৰ দৰ্শকৰ সন্মুখত খেলাৰ বিষয়টো অনবদ্য। আমাৰ হেৰুৱাবলৈ একো নাই। আমি ভাল খেল খেলিছো। ফাইনেলত দৰ্শকৰ সন্মুখত আমাৰ খেলুৱৈয়ে নিজৰ সৰ্বোচ্চ উজাৰি দিবলৈ বদ্ধপৰিকৰ। কলাকাতত খেলাৰ মাদকতাই সুকিয়া।

আজিৰ মেচখনত নৰ্থ ইষ্ট ইউনাইটেডৰ আক্ৰমণ বিভাগৰ ভৰসা জীতেন এ এম এছ, নেষ্টৰ আলবিয়াখ, গিলেৰমো ফাৰ্নাণ্ডেজ। মিড ফিল্ডত দলৰ দায়িত্ব কান্ধ পাতি ল'ব মৰক্কান মহম্মদ আলীয়ে। তাৰোপৰি দলটোত আছে আন কেইবাজনো প্ৰতিভা সম্পন্ন খেলুৱৈ। আছে অসমৰ পাৰ্থীৱ সুন্দৰো।

দলৰ অধিনায়ক তথা স্পেনিছ ডিফেণ্ডাৰ মাইকেল জাবাকোৱে এইবাৰ ডুৰাণ্ড কাপৰ ফাইনেল জিকিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰিছে। তেওঁ মোহন বাগানৰ কেইবাজনো খেলুৱৈৰ দক্ষতাক স্বীকাৰ কৰিও কয় আমি মোহন বাগানক পৰাস্ত কৰিবলৈ গেমপ্লেন তৈয়াৰ কৰিছো। এই গেম প্লেন প্ৰয়োগ কৰিয়েই আমি বিজয় সাব্যস্ত কৰিম।

সন্ধিয়া ৫-৩০ বজাৰ পৰা কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ'বলগীয়া এই ফাইনেল মেচখন সমগ্ৰ ভাৰততে ছনী স্প'ৰ্টছ টেন-২ এছ ডি আৰু এইছ ডি, ছনী স্প'ৰ্টছ টেন-৩ এছ ডি আৰু এইছ ডি (হিন্দী) চেনেলৰ জৰিয়তে লাইভ টেলিকাষ্ট উপভোগ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in