দুলীপ ট্ৰফীৰ দল ঘোষণা বিচিআইৰ : অসমৰ দুই খেলুৱৈৰ স্থান লাভ

অহা ৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব দুলীপ ট্ৰফীৰ মেচ
দুলীপ ট্ৰফীৰ দল ঘোষণা বিচিআইৰ : অসমৰ দুই খেলুৱৈৰ স্থান লাভ
Published on
Updated on

ডিজিটেল ডেস্ক : আসন্ন দুলীপ ট্ৰফীৰ বাবে দল ঘোষণা কৰিছে বিচিচিআয়ে। ৰঙা বলেৰে ঘৰুৱা ছিজন আৰম্ভ কৰিব বিচাৰিছে বিচিচিআয়ে। সেই সূত্ৰে অহা ৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব দুলীপ ট্ৰফীৰ মেচ।

মুঠ চাৰিটা দলত ভাগ কৰা হৈছে দলসমূহ। টীম এ, বি, চি আৰু ডি। টীম এ দলক নেতৃত্ব দিব শুভমন গীলে আৰু এই দলটোতে স্থান লাভ কৰিছে অসমৰ ৰিয়ান পৰাগে। আনহাতে বাকী কেইটা দলক নেতৃত্ব দিব ঋতুৰাজ গাইকোৱাড়, অভিমান্যু ঈশ্বৰন আৰু শ্ৰেয়াছ আয়াৰে।

বিচিচিআয়ে ঘোষণা কৰা দলত স্থান লাভ কৰিছে অসমৰ দুই খেলুৱৈয়ে। তেঁওলোক দুয়ো হৈছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰিয়ান পৰাগ আৰু প্ৰতিভাৱন যুৱ খেলুৱৈ আকাশ সেনগুপ্ত। এই দুয়োগৰাকী অসম সন্তানক স্থান দিয়া হৈছে দুলীপ ট্ৰফীত।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই ঘৰুৱা ক্ৰিকেট খেলিব বুলি চৰ্চা চলিছিল যদিও এতিয়ালৈকে দুলীপ ট্ৰফীৰ দলত নাম ঘোষণা কৰা নাই ব’ৰ্ডে। ইফালে দুলীপ ট্ৰফীৰ কোনো খেলুৱৈ আসন্ন বাংলাদেশ ভ্ৰমণত যদি অন্তৰ্ভূক্ত হয়, তেন্তে দুলীপ ট্ৰফীৰ পৰা নাম কৰ্তন কৰা হ’ব।

বিচিচিআয়ে ঘোষণা কৰা দল ৪টাৰ উপৰি কোন খেলুৱৈ কোন দলত আছে সেই সম্পৰ্কে তলত উল্লেখ কৰা হ'ল-

User
দুলীপ ট্ৰফীৰ দল ঘোষণা বিচিআইৰ : অসমৰ দুই খেলুৱৈৰ স্থান লাভ
অলিম্পিয়ানৰ বাবেও মুকলি থাকিব BCCI ৰ নতুন ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in