নামতহে আমেৰিকা ! আয়োজক দেশখনৰ ৮খেলুৱৈয়েই ভাৰতীয়...

আয়াৰলেণ্ড আৰু পাকিস্তানক গ্ৰুপ লীগৰ মেচত পৰাস্ত কৰি যথেষ্ট আত্মবিশ্বাসী ভাৰতীয় ক্ৰিকেট দল
নামতহে আমেৰিকা ! আয়োজক দেশখনৰ ৮খেলুৱৈয়েই ভাৰতীয়...
Published on
Updated on

ডিজিটেল ডেস্ক : টি-২০ বিশ্ব ক্ৰিকেটৰ মহাযুদ্ধৰ আজি এখন গুৰুত্বপূৰ্ণ মেচ অৱতীৰ্ণ হ'ব ভাৰত বনাম আমেৰিকা। আয়াৰলেণ্ড আৰু পাকিস্তানক গ্ৰুপ লীগৰ মেচত পৰাস্ত কৰি যথেষ্ট আত্মবিশ্বাসী ভাৰতীয় ক্ৰিকেট দল।

ইফালে ক্ৰিকেটৰ শিশু আমেৰিকাই বিগত মেচত শক্তিশালী পাকিস্তানক পৰাস্ত কৰি নিজৰ শক্তিৰ প্ৰমাণ দাঙি ধৰিছে। সেয়ে আজিৰ মেচখন অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

টি-২০ বিশ্বকাপ ২০২৪ৰ আয়োজক আমেৰিকাক দেশৰ মাটিত পৰাস্ত কৰাই মূল লক্ষ্য ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলৰ। আজিৰ এই মেচখনত ভাৰতীয় দলত একাধিক সাল-সলনি কৰাৰ সম্ভাৱনা আছে।

ভাৰতৰ মূল একাদশত প্ৰতিভাৱান বেটছমেন যশস্বী জয়ছোৱাল আৰু চাইনামেন কুলদীপ যাৱদক খেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শিৱম ডুবেৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে জয়ছোৱালক অন্তৰ্ভূক্ত কৰিব পাৰে।

যদি সেয়াই হয় তেন্তে ৰোহিতৰ সৈতে জয়ছোৱালে দলৰ ইনিংছ মুকলি কৰিব। বিৰাট কোহলিয়ে ৩নম্বৰ স্থানত বেটিং কৰিব। ইয়াৰোপৰি অক্ষৰ পেটেল অথবা ৰবীন্দ্ৰ জাডেজাক ডাগ আউটত ৰাখি কোনোবা এজনৰ স্থানত কুলদীপক খেলোৱাব পাৰে।

আজিৰ এই মেচখনত জয়ী হোৱা দলটোৱে পোনে পোনে ছুপাৰ এইটত প্ৰৱেশ কৰিব বুলি জানিব পৰা গৈছে। গ্ৰুপ 'এ'ৰ পইণ্ট তালিকাত সম্প্ৰতি ভাৰতৰ স্থান প্ৰথম। একেদৰে দ্বিতীয় স্থানত আছে আয়োজক আমেৰিকা।

উভয় দলে এতিয়ালৈকে ২খনকৈ মেচত জয়লাভ কৰিছে। অৱশ্যে দুয়ো দলৰ পইণ্ট সমান যদিও ৰানৰেটৰ দিশৰে ভাৰত শীৰ্ষ স্থান অধিকাৰ কৰি আছে।

ইফালে আজিৰ এই মেচখনক লৈ আন এক চৰ্চা হৈছে বিশ্বৰ ক্ৰিকেট মহলত। সেয়া হৈছে ভাৰতৰ প্ৰতিপক্ষ আমেৰিকাত আছে ৮গৰাকী ভাৰতীয় মূলৰ খেলুৱৈ। এক কথাত মিনি ইণ্ডিয়াৰে যুঁজ দিব টীম ইণ্ডিয়াই।

ভাৰতত ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফী আদিৰ উপৰি আই পি এল খেলা একাংশ খেলুৱৈয়ে ভাৰতীয় জাতীয় দলত স্থান নাপাই দেশৰ নাগৰিকত্ব সলনি কৰিছিল। সেই সকল খেলুৱৈয়ে সম্প্ৰতি যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰি দেশখনৰ হৈ ক্ৰিকেট খেলিছে।

ভাৰতত থকা কালছোৱাত ঘৰুৱা ক্ৰিকেট খেলা খেলুৱৈসকলৰ ভিতৰত আছে হৰমিত সিং আৰু সৌৰভ নেত্ৰৱালকাৰ। এই দুয়োগৰাকী খেলুৱৈৰ উপৰি ৮জন ভাৰতীয় খেলুৱৈ এইবাৰ টি-২০ বিশ্বকাপত আমেৰিকাক প্ৰতিনিধিত্ব কৰিছে। এই ৮গৰাকী খেলুৱৈৰ ভিতৰত আছে - সৌৰভ নেত্ৰৱালকাৰ, হৰমিত সিং, মনাংক পেটেল, নীতিশ কুমাৰ, মিলিন্দ কুমাৰ, নিচাৰ্গ পেটেল, জছদীপ সিং ।

উল্লেখযোগ্য যে আজিৰ মেচখনত টীম ইণ্ডিয়াই অধিকাংশ ভাৰতীয় মূলৰ খেলুৱৈৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সেয়েহে এই মেচখনকলৈ ক্ৰিকেট মহলত চৰ্চা হৈছে। ভাৰতীয় সময় অনুসৰি মেচৰ সময় সন্ধিয়া ৮-০০ বজাত।

নামতহে আমেৰিকা ! আয়োজক দেশখনৰ ৮খেলুৱৈয়েই ভাৰতীয়...
বিশ্ব ক্ৰিকেটৰ মহাযুদ্ধ : সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in