টি-২০ বিশ্বকাপৰ চুপাৰ-৮ ত আজি ভাৰত সন্মুখত আফগানিস্তানঃ ৰোহিতে সলনি কৰিছে ৰণনীতি...

ছিৰাজক আঁতৰাই দললৈ আনিব কুলদীপক
টি-২০ বিশ্বকাপৰ চুপাৰ-৮ ত আজি ভাৰত সন্মুখত আফগানিস্তানঃ ৰোহিতে সলনি কৰিছে ৰণনীতি...
টি-২০ বিশ্বকাপৰ চুপাৰ-৮ ত আজি ভাৰত সন্মুখত আফগানিস্তানঃ ৰোহিতে সলনি কৰিছে ৰণনীতি...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি টি-২০ বিশ্বকাপৰ চুপাৰ-৮ ৰ অভিযান আৰম্ভ কৰিব ভাৰতে। ভাৰতৰ সন্মুখত আছে আফগানিস্তান। ৱেষ্ট ইণ্ডিজৰ বাৰ্বাডোছত অনুষ্ঠিত হ'বলগীয়া মেচখনত অৱশ্যে ভাৰতকেই ফেভাৰিত আখ্যা দিয়া হৈছে।

টি-২০ বিশ্বকাপৰ বাবে যাত্ৰা কৰা ১৫ জনীয়া ভাৰতীয় দলটোত আছিল ৬ জনকৈ স্পীনাৰ। ইউ এছ এৰ নাছাও ক্ৰিকেট গ্ৰাউণ্ডৰ পীটছতকৈ বাৰ্বাডোছৰ কেনিংটনৰ পীটছ বহু পৃথক।

এই পীটছত স্পীনাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই কথা ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বেই সংবাদ মেলত উল্লেখ কৰিছিল। আজিৰ চুপাৰ-৮ ৰ মেচত সেয়ে ভাৰতে ৩ জন স্পীনাৰ লৈ খেল পথাৰত নমাৰ পূৰ্ণ সম্ভাৱণা আছে।

গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰত আৰু আফগানিস্তান দুয়োটা দলেই সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে। অৱশ্যে গ্ৰুপ পৰ্যায়ৰ অন্তিম মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হৈছিল আফগানিস্তান। এই পৰাজয়ৰ সন্দৰ্ভত ৰছিদ খানে উল্লেখ কৰিছে সেই পৰাজয়ৰ প্ৰভাৱ ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া মেচত নপৰে।

ৰছিদ খানে কয়, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পৰাজয়ে আমাৰ দলীয় প্ৰদৰ্শনত কোনো প্ৰভাৱ নেপেলায়। দলৰ সকলোৱেই প্ৰচণ্ড আত্মবিশ্বাসী। চুপাৰ-৮ ত প্ৰৱেশ কৰি আমি আমাৰ প্ৰথম লক্ষ্য অতিক্ৰম কৰিছোঁ। এতিয়া পৰৱৰ্তী লক্ষ্য পূৰণ কৰিবলৈ আমি যুঁজ দিম।

আফগানিস্তানৰ এনে আত্মবিশ্বাসৰ বিপৰীতে ভাৰতীয় দলটোৰ বেটিং, বলিং ছন্দ সুন্দৰ হৈ আছে। গ্ৰুপৰ তিনিখন মেচ জয় কৰিছে ভাৰতে। কানাডৰ বিৰুদ্ধে খেলিবলগীয়া মেচখন বৰষুণৰ বাবে পৰিত্যক্ত হয়।  

গ্ৰুপ পৰ্যায়ত ভাৰতে যি ৰণনীতিৰে খেলিছিল সেই ৰণনীতি আজি সলনি হোৱাৰ সম্ভাৱনা আছে। তিনি বেগী বলাৰৰ স্থানত দুজন বেগী বলাৰকহে আজিৰ মেচত মূল একাদশত স্থান দিয়াৰ সম্ভাৱনা আছে।

এজন বেগী বলাৰৰ স্থানত স্পীনাৰ কুলদীপ যাদৱক দলত স্থান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদি সেয়াই হয় তেন্তে মহম্মদ ছিৰাজে আজিৰ মূল একাদশত স্থান নোপোৱাৰ সম্ভাৱনাই অধিক।

আনহাতে বেটছমেনৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি বিৰাট কোহলিৰ ওপৰত। গ্ৰুপ পৰ্যায়ত খেলা তিনিখন মেচতেই বিৰাটৰ বেটৰ পৰা ৰাণ অহা নাই। সেয়ে আজিৰ মেচত বিৰাটৰ প্ৰদৰ্শন কেনেধৰণৰ হয় সেয়া হ’ব লক্ষণীয়।

ভাৰতৰ বাবে আশাৰ খবৰ এয়ে যে, সূৰ্যকুমাৰ যাদৱ আৰু শিৱম ডুবেয়ে ফৰ্ম ঘূৰাই পাইছে।আই পি এলত কৰা প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি আছে ঋষভ পণ্টে। অধিনায়ক ৰোহিত শৰ্মাও আছে ফৰ্মত।

আফগানিস্তানৰ বলিং আক্ৰমণ যথেষ্ট শক্তিশালী। সেয়ে দলটোক সহজভাৱে লোৱা নাই ৰোহিত শৰ্মাই। যিকোনো সময়তে অঘটন ঘটাব পাৰে এই দলটোৱে। এদিনীয়া বিশ্বকাপত সেই উদাহৰণ দি থৈছে দলটোৱে। ইয়াৰোপৰি দলটোত আছে টি-২০ৰ কেইবাজনো বিশেষজ্ঞ খেলুৱৈ। যি বিশ্বৰ ভিন্ন স্থানৰ লীগসমূহত খেলি অভিজ্ঞতা আহৰণ কৰাই নহয় নিজকে শ্ৰেষ্ঠ হিচাপেও প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে।

টি-২০ বিশ্বকাপৰ চুপাৰ-৮ ত আজি ভাৰত সন্মুখত আফগানিস্তানঃ ৰোহিতে সলনি কৰিছে ৰণনীতি...
একেখন মেচতে চাৰিগৰাকীৰ শতকঃ চিন্নাস্বামীত ৰাণৰ বৰষুণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in