শীৰ্ষত ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া

নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ জয়ৰ শতাংশৰ মাজত বিশেষ পাৰ্থক্য নাই।

author-image
Asomiya Pratidin
New Update
শীৰ্ষত ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া

ডিজিটেল ডেস্ক : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষস্থানলৈ উন্নীত হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰত। ধৰমশালাত ইংলেণ্ডক পৰাস্ত কৰি টীম ইণ্ডিয়া শীৰ্ষস্থানলৈ উন্নীত হয়।

পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে নিউজিলেণ্ড। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিগত দুবাৰ ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিছে। সম্প্ৰতি পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰতে ৯খন টেষ্টৰ ৬খনত জয়লাভ কৰিছে। পৰাস্ত হৈছে এখনত। ভাৰতৰ জয়ৰ শতাংশ ৬৮.৫১।

আনহাতে তালিকাৰ তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া। দলটোৰ জয়ৰ শতাংশ ৫৯.০৯। অৱশ্যে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ জয়ৰ শতাংশৰ মাজত বিশেষ পাৰ্থক্য নাই। সেয়েহে দুয়ো দলৰ মাজত চলিত টেষ্টখনৰ পাচত এই তালিকাৰ সালসলনি হোৱাৰ সম্ভাৱনা আছে।

Also Read: ধৰমশালাত ধৰাশায়ী ইংলেণ্ড : ৪-১ৰ ব্যৱধানত জয়ী ৰোহিত বাহিনী

INDIAN CRICKET TEAM cricket