আয়োজক পাকিস্তানৰ ভূমিত টীম ইণ্ডিয়াই নেখেলে চেম্পিয়নছ ট্ৰফীৰ মেচ !

আয়োজক পাকিস্তানৰ ভূমিত টীম ইণ্ডিয়াই নেখেলে চেম্পিয়নছ ট্ৰফীৰ মেচ !
Published on
Updated on

ডিজিটেল ডেস্ক : আসন্ন চেম্পিয়নছ ট্ৰফীৰ মেচ খেলিবলৈ পাকিস্তানলৈ নাযায় টীম ইণ্ডিয়া। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ উচ্চস্তৰীয় সূত্ৰে জানিব পৰা অনুসৰি ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ মেচ খেলাৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে ভাৰতীয় জাতীয় ক্ৰিকেট দলে।

পাকিস্তান আৰু ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থানত আয়োজন কৰিবলৈ বি চি চি আয়ে ইতিমধ্যে আই চি চিৰ লগত আলোচনা কৰা বুলি জানিব পৰা গৈছে। ডুবাই আৰু শ্ৰীলংকাত ভাৰত-পাকিস্তানৰ মেচ আয়োজন কৰিবলৈ আই চি চিক অনুৰোধ জনাব বি চি চি আয়ে। এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে ভাৰতীয় ক্ৰিকেট দলক পাকিস্তানলৈ পঠিওৱাৰ সম্ভাৱনা নাই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহণ কৰিব আৰু ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। প্ৰতিযোগিতাখনৰ আটাইবোৰ মেচ লাহোৰ, ৰাৱালপিণ্ডি আৰু কৰাচীত অনুষ্ঠিত হ’ব যদিও এতিয়া এই বিষয়টোৱে চৰ্চা লাভ কৰিছে। কিয়নো পূৰ্বেই পাকিস্তানৰ এই ৩খন চহৰত চেম্পিনয়ছ ট্ৰফীৰ মেচসমূহ আয়োজন কৰা হ’ব বুলি ৰাজহুৱা কৰা হৈছিল।

সেই অনুসৰি ১মাৰ্চৰ দিনা লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ এই বিষয়টোৱে আউল লগাইছে আয়োজক পাকিস্তানক।

আয়োজক পাকিস্তানৰ ভূমিত টীম ইণ্ডিয়াই নেখেলে চেম্পিয়নছ ট্ৰফীৰ মেচ !
বিধ্বস্ত মালদ্বীপৰ অৰ্থনীতিঃ লাগে ভাৰতীয় ক্ৰিকেট দলৰ সহাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in