ডিজিটেল ডেস্ক : সন্মুখৰ আসনত বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নী, সচিব জয় শ্বাহ আৰু প্ৰধান নিৰ্বাচক অজিত আগাৰকাৰ। মুখামুখিকৈ থকা আসনত একান্ত বাধ্য ছাত্ৰৰ দৰে বহি আছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা। লগতে অনলাইনযোগে উপস্থিত আছে প্ৰশিক্ষক গৌতম গম্ভীৰ।
বি চি চি আইৰ তিনিওগৰাকী শীৰ্ষ কৰ্মকৰ্তাৰ প্ৰশ্নবাণৰ সন্মুখত দিশহাৰা হৈ গম্ভীৰ- ৰোহিতে দি গৈছে ইটোৰ- পাছত সিটো প্ৰশ্নৰ উত্তৰ। এঘণ্টা, দুঘণ্টা নহয়- একেৰাহে ৬ঘণ্টা ধৰি দুয়োকে বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰে তিনিওগৰাকী বিষয়ববীয়াই।
প্ৰশ্নৰ প্ৰেক্ষাপট আছিল শেহতীয়া শৃংখলাত টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শন। নিউজিলেণ্ডৰ বিৰুদ্ধে কিয় হেৰুৱালে শৃংখলা, কিহৰ ভিত্তিত অন্তিম মেচত সুযোগ দিয়া নহ’ল বুমৰাহক, অনভিজ্ঞ নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণাক কিয় স্থান দিয়া হ’ল টেষ্ট দলত ? ইয়াৰ উপৰি কেতবোৰ অস্বস্তিকৰ প্ৰশ্নৰ সন্মুখীন হ’ব লগা হয় ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰ।
গম্ভীৰলৈ প্ৰশ্নবাণ নিক্ষেপ কৰি সুধিলে কিহৰ বাবে তৈয়াৰ কৰা হ’ল স্পীন বান্ধৱ পিটছ, কিয় পুৰণি নীতিকে অনুসৰণ কৰিব লগা হ’ল ? গম্ভীৰেও গহীনভাৱে দি গ’ল উত্তৰ।
এতিয়া বিভিন্ন মহলত হোৱা চৰ্চা অনুসৰি সমাগত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব লগা শৃংখলা হ’ব গৌতম গম্ভীৰৰ বাবে অগ্নিপৰীক্ষাসদৃশ। কিয়নো ইতিমধ্যে গম্ভীৰ হাটাও অভিযানত নামি পৰিছে একাংশ লোক। বহুলোকে সমালোচনা কৰিছে গম্ভীৰৰ প্ৰশিক্ষণ পদ্ধতিক।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গম্ভীৰৰ পছন্দ অনুসৰিয়েই ব’ৰ্ডে সুবিধা দিয়াৰ ক্ষেত্ৰত কৰা কোনো কৃপণালি। তেনে ক্ষেত্ৰত গম্ভীৰৰ প্ৰশিক্ষণ কালত যদি দলে এনে নিম্ন প্ৰদৰ্শন দাঙি ধৰে, তেনেহ’লে বি চি চি আই কৰ্তৃপক্ষ জাঙুৰ খাই উঠাটো স্বাভাৱিক।
Also Read: মণিপুৰৰ তামেংলঙত ১১টা বিশ্ব পৰিভ্ৰমী আমুৰ ফেলকন পক্ষীক ছেটেলাইট ট্ৰান্সমিচন টেগ