বেটে- বলে পৰাক্ৰম দেখুৱাই বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ দৰ্শনীয় জয় : মেচৰ শ্ৰেষ্ঠ ৰবিচন্দ্ৰণ অশ্বিন

বাংলাদেশৰ উইকেট পতনৰ মূলতে স্পীন যুটি ৰবিচন্দ্ৰণ অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাৰ স্পীন ঘূৰ্ণী। এই যুটিৰ ছুনামীত বাংলাদেশৰ সকলো উইকেট তচনচ হৈ যায়।
বেটে- বলে পৰাক্ৰম দেখুৱাই বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ দৰ্শনীয় জয় : মেচৰ শ্ৰেষ্ঠ ৰবিচন্দ্ৰণ অশ্বিন
Published on
Updated on

ডিজিটেল ডেস্ক : চেন্নাইৰ এম এ চিদম্বৰম ষ্টেডিয়ামত উজলি উঠিল টীম ইণ্ডিয়া। বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ প্ৰথমখন টেষ্টত জয়লাভ কৰিছে ঘৰুৱা দলটোৱে। দেওবাৰে মেচৰ চতুৰ্থ দিনৰ প্ৰথম অৰ্দ্ধতে ২৮০ ৰানৰ বিশাল ব্যৱধানত জয়ী হয় টীম ইণ্ডিয়া।

শনিবাৰে ভাৰতে বান্ধি দিয়া ৫১৫ ৰানৰ বিজয়লক্ষ্য আগতলৈ খেল আৰম্ভ কৰা আলহী দলটোৱে দেওবাৰে দ্বিতীয় ইনিংছৰ প্ৰথমাৰ্দ্ধতে আটাইকেটা উইকেট হেৰুৱাই ২৩৪ ৰান কৰি পৰাজয়বৰণ কৰে। বাংলাদেশৰ উইকেট পতনৰ মূলতে স্পীন যুটি ৰবিচন্দ্ৰণ অশ্বিন আৰু ৰবীন্দ্ৰ জাডেজাৰ স্পীন ঘূৰ্ণী। এই যুটিৰ ছুনামীত বাংলাদেশৰ সকলো উইকেট তচনচ হৈ যায়।

দ্বিতীয় ইনিংছত অশ্বিনে ৬টা আৰু জাডেজাই ৩টা দখল কৰে। একমাত্ৰ উইকেটটো দখল কৰে বেগী বলাৰ বুমৰাহে। ইয়াৰ আগেয়ে ভাৰতে দ্বিতীয় ইনিংছত শুভমন গীল আৰু ঋষভ পণ্টৰ শতকৰ সহায়ত ২৮৭ ৰান সংগ্ৰহ কৰিছিল।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে প্ৰথম ইনিংছত ভাৰতৰ বাকীসকল বেটাৰ ব্যৰ্থ হ’লেও অশ্বিন আৰু জাডেজাৰ নিৰ্ণায়ক বেটিঙৰ সহায়ত ৩৭৬ ৰান সংগ্ৰহ কৰিছিল। অশ্বিনে ১১৩ ৰান কৰাৰ বিপৰীতে জাডেজাই ৮৬ ৰান কৰি দলৰ স্থিতি মজবুত কৰিছিল।

ইফালে আলহী দলটোৱে প্ৰথম ইনিংছত কৰিছিল মাত্ৰ ১৪৯ ৰান। বেটে-বলে উজলি উঠিবলৈ সক্ষম হোৱা জ্যেষ্ঠ খেলুৱৈ ৰবিচন্দ্ৰণ অশ্বিন মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।

বেটে- বলে পৰাক্ৰম দেখুৱাই বাংলাদেশৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ দৰ্শনীয় জয় : মেচৰ শ্ৰেষ্ঠ ৰবিচন্দ্ৰণ অশ্বিন
৪০০ উইকেটৰ ক্লাবত বুমৰাহঃ ১৪৯ ৰাণতে ইনিংছ সামৰিলে বাংলাদেশে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in