অষ্টম নর্থ-ইষ্ট ভেটার্ন বেডমিন্টন চেম্পিয়নশ্বিপৰ সামৰণি...

শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন সমাপ্তহয় সোমবাৰে
অষ্টম নর্থ-ইষ্ট ভেটার্ন বেডমিন্টন চেম্পিয়নশ্বিপৰ সামৰণি...
অষ্টম নর্থ-ইষ্ট ভেটার্ন বেডমিন্টন চেম্পিয়নশ্বিপৰ সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ আছাম ছিনিয়ছ বেডমিন্টন ক্লাবৰ উদ্যোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অষ্টম নর্থ-ইষ্ট ভেটার্ন বেডমিন্টন চেম্পিয়নশ্বিপৰ সোমবাৰে সামৰণি পৰে।

এই প্রতিযোগিতাত ডাবলছৰ মুঠ ৬টা শাখাত অনুষ্ঠিত হৈছিল। পুৰুষ ৫৫ বছৰ ডাবলছ শাখাত অসমৰ বিজয় কুমাৰ বৰ্মন আৰু ধ্রুব শর্মা বিজয় হৈছে। একেদৰে পুৰুষৰ ৪৫ বছৰ ডাবলছ শাখাত নাগালেণ্ডৰ বেনডাংন'চেত আৰু টাজেনকাৱা আওৱে জয়লাভ কৰিছে।

এই শিতানত অসমৰ অজন্ত চৌধুৰী আৰু বিষ্ণু ডেকাই ৰাৰ্ণাছআপৰ সন্মান লাভ কৰিছে। ৪০ বছৰ পুৰুষৰ ডাবলছ শাখাত মিজোৰামৰ লালমুৱানাওমা আৰু লালৰিনদিকা ৰালটে বিজয় হোৱাৰ বিপৰীতে পুৰুষৰ ৩৫ বছৰ ডাবলছ শাখাতো মিজোৰামৰ লালমুৱানাওমা আৰু ছেমুৱেল লালনুনমাউয়াই জয়লাভ কৰিছে।

মিক্স ডাবলছত ৩৫ বছৰৰ শাখাত মিজোৰামৰ ছেমুৱেল লালনুন মাউইয়া যুটী বিজয়ী হৈছে। প্রতিযোগিতাৰ কালি সামৰণি অনুষ্ঠিত অসমৰ জলসম্পদ মন্ত্রী পীযুষ হাজৰীকা, বিধায়ক দিগন্ত কলিতা, আই জি পি প্রার্থ সাৰথি মহন্ত, বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়া, প্রাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধুৰ্য্য বৰুৱা, ছিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ সভাপতি প্রদীপ কুমাৰ, কোষাধক্ষ্য কুল তালুকদাৰ আদি উপস্থিত থাকে।

প্রতিযোগিতাত বিজয়ী যুটীয়ে ৩০ হাজাৰ, ৰানাৰ্ছআপে ২০ হাজাৰ আৰু ছেমিফাইনেলিষ্ট দলে ১০ হাজাৰ টকাকৈ লাভ কৰে।

অষ্টম নর্থ-ইষ্ট ভেটার্ন বেডমিন্টন চেম্পিয়নশ্বিপৰ সামৰণি...
পেৰিছ অলিম্পক যাত্ৰাৰ পথ বন্ধ ! বজৰং পুনিয়াক পুনৰ নিলম্বন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in