যোৰহাটত ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ আৰম্ভ...

ৰঞ্জীত ক্লাব আৰু চৰাইবাহী উপ-ক্ৰীড়া সন্থা ছেমিত প্ৰৱেশ
যোৰহাটত ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ আৰম্ভ...
যোৰহাটত ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ আৰম্ভ...
Published on
Updated on

ডিজিটেল সংবাদ যোৰহাটঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অনুমোদিত অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখন আজিৰ পৰা আৰম্ভ হৈছে। প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হয় লীগৰ দহখনকৈ খেল।

প্ৰয়াত ৰাজ্যিক ফুটবল খেলুৱৈ ৰুবুল কাকতিৰ সোঁৱৰণত অনুষ্ঠিত প্ৰতিযোগিতাখনত মুঠ আঠটা দলে যোগদান কৰিছে। প্ৰতিযোগিতাখনৰ আজি প্ৰথমখন খেল ৰঞ্জিত ক্লাব আৰু চৰাইবাহী উপ-ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হয়।উক্ত খেলখন ২-০ গ’লৰ ব্যৱধানত ৰঞ্জীত ক্লাব জয়ী হয়।

দ্বিতীয়খন খেল অনুষ্ঠিত হয় টীয়ক উপ-ক্ৰীড়া সন্থা আৰু ৰেডিয়েণ্ট ক্লাবৰ মাজত।উক্ত খেলখন গ’ল শূন্য ভাৱে ড্ৰ' হয়। তৃতীয়খন খেল অনুষ্ঠিত হয় অল ষ্টাৰ ফুটবল ক্লাব আৰু পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ মাজত। উক্ত খেলখনো গ’ল শূন্য ভাৱে ড্ৰ' হয়।

চতুৰ্থখন খেল অনুষ্ঠিত হয় কাকজান উপ-ক্ৰীড়া সন্থা আৰু যোৰহাট টাউন ক্লাবৰ মাজত আৰু উক্ত খেলখনো গ’ল শূন্য ভাৱে ড্ৰ' হয়। পঞ্চম খেলথন চৰাইবাহী উপ-ক্ৰীড়া সন্থা আৰু অল ষ্টাৰ কুটবল ক্লাবৰ মাজত হয় আৰু খেলখনত চৰাইবাহী ১-০ গ’লৰ ব্যৱধানত জয়ী হয়।

ষষ্ঠখন খেল অনুষ্ঠিত হয় কাকজান উপ-ক্ৰীড়া সন্থা আৰু ৰেডিয়েণ্ট ফুটবল ক্লাবৰ মাজত আৰু উক্ত খেলখন গ’ল শূন্য ভাৱে ড্ৰ' হয়। সপ্তমখন খেল অনুষ্ঠিত হয় টীয়ক উপ-ক্ৰীড়া সন্থা আৰু যোৰহাট টাউন ক্লাবৰ মাজত।খেলখনত টীয়কে ৩-০ গ’লৰ ব্যৱধানত জয়ী হয়।

অষ্টম খেলখন অনুষ্ঠিত হয় পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থা আৰু ৰঞ্জীত ক্লাবৰ মাজত। উক্ত খেলখনত ৰঞ্জীত ক্লাবে ৪-০ গ’লৰ ব্যৱধানত জয়ী লাভ কৰে। নৱমখন খেল অনুষ্ঠিত হয় ৰঞ্জীত ক্লাব আৰু অল ষ্টাৰ ফুটবল ক্লাবৰ মাজত আৰু উক্ত খেলখনত ৰঞ্জীত ক্লাবে ৬-০ গ’লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে।

অন্তিম খেলখন অনুষ্ঠিত হয় যোৰহাট টাউন ক্লাব আৰু ৰেডিয়েণ্ট ক্লাবৰ মাজত।খেলখনত ৰেডিয়েণ্টে ২-০ গ’লৰ ব্যৱধানত যোৰহাট টাউন ক্লাবক পৰাস্ত কৰে। প্ৰতিযোগিতাখনৰ আজি ফলাফল অনুসৰি ‘এ’ গ্ৰুপত ৰঞ্জীত ক্লাব চেম্পিয়ন হোৱাৰ লগতে ৰাণাৰ্ছ আপ হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে চৰাইবাহী উপ-ক্ৰীড়া সন্থাই।

ইফালে গ্ৰুপ ‘বি’ খেলসমূহ আজি সম্পূৰ্ণ নহ’ল সেয়েহে উক্ত খেলসমূহ অহা দেওবাৰে অনুষ্ঠিত হোৱাৰ উপৰিও উক্ত দিনাই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল আৰু চূড়ান্ত খেলখনো অনুষ্ঠিত হ’ব বুলি সন্থাই জনাইছে।

আজি প্ৰতিযোগিতাখন উদ্বোধন কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ফুটবল বিভাগৰ অধ্যক্ষ দ্বীজেন শইকীয়া, ফুটবল বিভাগৰ সম্পাদক হেমিদুৰ ৰহমান, সহকাৰী সম্পাদক দীগন্ত দত্তকে মুখ্য কৰি ক্ৰীড়া সন্থাৰ অন্যান্য বিষয়ববীয়াসকল।

যোৰহাটত ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ আৰম্ভ...
লোকসংস্কৃতিৰ বিশিষ্ট সাধক যতীন কলিতাক স্মৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in