যুৱ খেলুৱৈ ৰিয়ানক কি উপদেশ দিলে প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰী সান্থে...

যুৱ খেলুৱৈ ৰিয়ানক কি উপদেশ দিলে প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰী সান্থে...
Published on
Updated on

ডিজিটেল ডেস্ক : শেহতীয়াকৈ ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰিছে অসম সন্তান তথা ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য বেটছমেন ৰিয়ান পৰাগে। আই পি এল তথা ঘৰুৱা চিজনত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ভাৰতী জাতীয় ক্ৰিকেট দলত ৰিয়ানৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে।

আসন্ন জিম্বাব’ৱে ভ্ৰমণলৈ ভাৰতীয় দলটোৰ সৈতে উৰা মাৰে ৰিয়ান পৰাগ। জিম্বাব’ৱেৰ হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিতব্য টি-২০ শৃংখলাত ভাগ ল’ব দুয়োখন দেশ।

জিম্বাব’ৱলৈ যাত্ৰা কৰাৰ পাছতে ৰিয়ান পৰাগ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা ২০০৭/২০১১ৰ বিশ্বকাপজয়ী সদস্য এছ শ্ৰীসান্থে। ৰিয়ান পৰাগক সমালোচনা কৰি তেঁও কয়- প্ৰথম এজন দেশপ্ৰেমী হ’ব লাগে,তাৰ পাছত ক্ৰিকেটক ভাল পাব লাগে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে টি-২০ বিশ্বকাপ চলি থকাৰ সময়ছোৱাত বিশেষ পডকাষ্টত সাক্ষাতকাৰ দিছিল ৰিয়ান পৰাগে। সেই সাক্ষাতকাৰটিৰ এটি প্ৰশ্নৰ উত্তৰত ৰিয়ানে কৈছিল যে তেঁও বিশ্বকাপৰ মেচ চোৱা নাই। তেঁও বিশ্বকাপ খেলিব বিচাৰে। লগতে কৈছিল যে ভাৰতীয় দলত খেলিব বিচাৰে তেঁও।

এই সন্দৰ্ভতে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়- প্ৰথমে আপুনি এজন দেশপ্ৰেমী হোৱা উচিত। তাৰ পাছতহে ক্ৰিকেটপ্ৰেমী হওক। অৱশ্যে জ্যেষ্ঠ খেলুৱৈ হিচাপেহে কনিষ্ঠ খেলুৱৈৰ প্ৰতি এইদৰে উপদেশমূলক মন্তব্য কৰে শ্ৰীসান্থে।

যুৱ খেলুৱৈ ৰিয়ানক কি উপদেশ দিলে প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰী সান্থে...
দুগুণে চৰিছে আনন্দঃ বিশ্বকাপৰ পাছতে ৰেকৰ্ডৰ বৰষুণেৰে আন এক বিজয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in