ডিজিটেল ডেস্কঃ অসহনীয় এই পৰাজয়। ঘৰৰ মাটিতে ভাৰতে এইদৰে আত্মসমৰ্পণ কৰিব বুলি আজিৰ পৰা কেইটমান দিনৰ আগলৈকে কোনেও কল্পনাও কৰা নাছিল। দুৰ্বল বাংলাদেশক যিদৰে ভাৰতে পৰাস্ত কৰিছিল সেই দৃশ্য দেখি বহুতেই কৈছিল এয়া নতুন ভাৰত।
গৌতম গম্ভীৰে এই নতুন ভাৰতীয় দলৰ পৰিকাঠামো তৈয়াৰ কৰিছে। আগন্তুক সময়ত ভাৰতীয় ক্ৰিকেটৰ চৰিত্ৰ এনেকুৱাই হ'ব। অৱশ্যে এই দম্ভ, অহংকাৰ বৰ বেছি দিনলৈ বৰ্তি নাথাকিল।
শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে নিউজিলেণ্ডে ভাৰতৰ বাবে ঘোষণা কৰা টেষ্ট দলটোক নিউজিলেণ্ডৰ সৰ্বকালৰ দুৰ্বল টেষ্ট দল আখ্যা দিছিল বহুতেই। সেই দুৰ্বল টেষ্ট দলটোৰ হাততেই তাৰকা সম্বলিত ভাৰতীয় দলটো হোৱাইটৱাছ হ'ল।
অধিনায়ক তথা হিটমেন হিচাপে পৰিচিত ৰোহিত শৰ্মা প্ৰতিখন টেষ্টতেই ব্যৰ্থ। এটা অৰ্ধশতকৰ বাদে বাকী কিং কোহলিৰ বেটৰ পৰাও নাহিল ৰাণ। ভাৰতীয় ক্ৰিকেটৰ যুৱৰাজ আখ্যা পোৱা শুভমণ গীলো ব্যৰ্থ।
এটা শতকীয় ইনিংছৰ বাহিৰে ছৰফৰাজ খানৰো বাকী আটাই কেইটা ইনিংছত অৱস্থা সূচনীয়। একমাত্ৰ ঋষভ পণ্টৰ বাহিৰে ক্ৰীজলৈ বাকীসকল ক্ৰিকেটাৰ হাতত বেট লৈ গৈছে আৰু ঘূৰি আহিছে। আটাইবোৰ একো একোজন পৰাজিত সৈনিক।
নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট জয় কৰি ভাৰতীয় দলটোৱে হেৰুওৱা সন্মান উদ্ধাৰৰ বাবে চেষ্টা কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়া হৈ নুঠিল। ইতিহাস গঢ়ি নিউজিলেণ্ডৰ হাতত হোৱাইটৱাছ হ'ল ভাৰত।
ইয়াৰ পূৰ্বে ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত হোৱাইটৱাছ হৈছিল ভাৰত। সেয়া আছিল ২৪ বছৰৰ আগৰ কথা, শচীন যুগৰ কথা। মুম্বাই টেষ্টত নিউজিলেণ্ডৰ হাতত আজি তৃতীয় টেষ্টত ২৫ ৰাণত ভাৰত পৰাজিত হোৱাৰ পাছত সেই স্মৃতি পুনৰ যেন সজীৱ হৈ পৰিল। এইবাৰ ভাৰতৰ এই সূচনীয় পৰাজয় ৰোহিত-বিৰাট যুগত।
ঋষভ পণ্টে অকলেই যুঁজ দিছিল যদিও এইবাৰ শেষ ৰক্ষা নহ'ল। ১৪৭ ৰাণৰ লক্ষ্য লৈ ১২১ ৰাণতে পৰাজয় বৰণ কৰিলে ভাৰতে। ১৪৭ ৰাণৰ এই লক্ষ্য ভাৰতৰ বাবে কঠিন নাছিল যদিও স্পীন খেলিবলৈ পাহৰা ভাৰতীয় বেটছমেনসকলৰ বাবে এই লক্ষ্যও হৈ পৰিল এভাৰেষ্ট আৰোহণ সদৃশ।
এই টেষ্ট শৃংখলাত টীম ইণ্ডিয়াৰ শীৰ্ষ ক্ৰমৰ বেটছমেনসকল ফৰ্মহীনতাত ভূগি আছিল। মুম্বাইতো তাৰেই পুনৰাবৃত্তি হ'ল। ৰোহিত, কোহলী, শুভমান গিল সকলো ব্যৰ্থ। পণ্টৰ বেটৰ পৰা আহে ৫৭ বলত ৬৪ ৰাণ। অৱশ্যে পণ্টৰ এই ইনিংছো অবিস্মৰণীয় হৈ ৰ'ব।
নিৰ্ধাৰিত লক্ষ্য লৈ ৰোহিত শৰ্মাই ১১, বিৰাটে ১, যশস্বী জয়ছোৱালে ৫, ছৰফৰাজে ১, ৰবীন্দ্ৰ জাডেজাই ৬, ৱাশ্বিংটন সুন্দৰে ১২, ৰবীনচন্দ্ৰন অশ্বিনে ৮, আকাশদ্বীপ আৰু মহম্মদ ছিৰাজে এটাও ৰাণ নকৰাকৈ আউট হয়।
ভাৰতৰ এনে বিপৰ্যয়ক মূলতে প্ৰতিপক্ষৰ এই গোটেই শৃংখলাত ব্ৰহ্মাস্ত্ৰ সদৃশ হৈ পৰা স্পীনাৰ আজাজ পেটেল। তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত তেওঁ লাভ কৰিছিল ৫ টা উইকেট। দ্বিতীয় ইনিংছত লাভ কৰিলে ৬ টা উইকেট।
গোটেই শৃংখলাত ভাৰতীয় ক্ৰিকেটাৰসকলে এবাৰলৈয়ো নেদেখুৱালে যুঁজাৰু মানসিকতা। ভয়ে ভয়ে, কপি কপি ক্ৰীজত কিছু সময় অতিক্ৰম কৰিয়েই ঘূৰি আহিল পেভিলিয়নলৈ। এই দৃশ্য অসহনীয় ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে। এয়াটো নাছিল ভাৰতীয় ক্ৰিকেটৰ চৰিত্ৰ !
#TeamIndia came close to the target but it's New Zealand who win the Third Test by 25 runs.
Scorecard - https://t.co/KNIvTEyxU7#INDvNZ | @IDFCFIRSTBank pic.twitter.com/4BoVWm5HQP— BCCI (@BCCI) November 3, 2024