আকৰ্ষণীয় হৈ উঠিছে প্ৰিমিয়াৰ লীগ, মানচেষ্টাৰ চিটিয়েই মাৰিব নেকি শেষ হাঁহি !

author-image
Asomiya Pratidin
New Update
আকৰ্ষণীয় হৈ উঠিছে প্ৰিমিয়াৰ লীগ, মানচেষ্টাৰ চিটিয়েই মাৰিব নেকি শেষ হাঁহি !

ডিজিটেল ডেস্ক : ইউৰোপীয়ান ফুটবল বুলিলেই দেখা যায় অন্য এক আক্ৰমণাত্মক শৈলীৰ ফুটবল । এখন্তেক ৰ'বলৈ সময় নাই খেলুৱৈসকলৰ । কেৱল গ'ল কৰাৰ মানসেৰে হে যেন অৱতীৰ্ণ হৈছে খেলপথাৰত ।

এই সকলো কাৰণতেই ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয়তা সদায়েই অদম্য । কিছু দিন পাছতেই অন্ত পৰিব প্ৰিমিয়াৰ লীগৰ । প্ৰতিটো দলেই ইতিমধ্যে অন্তত ৩০ খনকৈ খেলত অৱতীৰ্ণ হৈছে । ৰণত পৰিল সকলো নামী-দামী, খ্যাতনামা ক্লাব । অন্তলৈ ৰৈ গ'ল মাথো আৰ্চেনাল ‍আৰু মানচেষ্টাৰ চিটি ।

উল্লেখ্য যে মানচেষ্ট‍াৰ চিটি বিগত বৰ্ষৰ চেম্পিয়ন । আনহাতে, আৰ্চেনালতকৈ এখন খেল বৰ্তমানলৈ কম খেলিছে মানচেষ্টাৰ চিটিয়ে । অৱশ্যে পইন্টৰ তালিকাত আৰ্চেনাল আৰু মানচেষ্টাৰ চিটিৰ মাজত পাৰ্থক্য এতিয়াও ৪ পইন্টৰ । আন কোনো ক্লাবেই এই পইন্টৰ ওচৰে পাজৰেই নাই । তৃতীয় স্থানত থকা মানচেষ্টাৰ ইউনাইটেডৰ পইন্ট ৫৯ ।

বিগত বৰ্ষৰ দৰেই এইবাৰো খিতাপ দখল কৰিব নেকি চিটিয়ে ? সেই চাপ ইতিমধ্যে দেখা গৈছে আৰ্চেনালৰ শিবিৰত । কোনোপধ্যেই যেন চিটিৰ হাতলৈ যাব দিব নোৱাৰি প্ৰিমিয়াৰ লীগৰ খিতাপ । আনহাতে, হালাণ্ডক ক্ৰয় কৰাৰ পাছত যেন মেন চিটিয়ে এক নতুন শক্তি লাভ কৰিছে ।

সম্পূৰ্ণ ৰূপে গ'ল স্ক'ৰাৰ খ্যাত হালাণ্ডৰ ভৰিত বল পৰা মানেই প্ৰতিপক্ষৰ সম্পূৰ্ণ দুৰ্গ তচনচ হৈ যোৱা । যিকোনো মুহুৰ্ততেই ব'লে হালাণ্ডৰ ভৰিৰ পৰা গৈ নেট স্পৰ্শ কৰিব পাৰে । এই ট্ৰাম্প কাৰ্ডখন লৈয়ে খেলপথাৰত অৱতীৰ্ণ হোৱা চিটিক সম্পূৰ্ণ সহযোগ কৰিছে হালাণ্ড আৰু সতীৰ্থ সকলেও ।

এতিয়া পৰৱৰ্তী ৮ খন খেলেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব খিতাপ দখলৰ । অৱশ্যে আৰ্চেনালতকৈ মেন চিটিৰ সম্ভাৱনা বহু বেছি খিতাপ দখলৰ যুঁজত ।

Also Read: মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠানত অঘটন, হিটষ্ট্ৰ'কত মৃত্যু ১১ জনকৈ লোকৰ

premier league manchester city arsenal