বিশ্বকাপৰ ফাইনেলত দুই শক্তিধৰ : ইতিহাস লিখাৰ সুযোগ দঃ আফ্ৰিকাৰ,ট্ৰফী জয়ৰ ক্ষণ গণনাত টীম ইণ্ডিয়া

আৰম্ভ হৈছে প্ৰহৰ গণনা। ২২গজত বৈৰীবন্ধু হিচাপে অৱতীৰ্ণ হ’ব। যিকোনো প্ৰকাৰে ভাৰতৰ মুখৰ আগৰ পৰা ট্ৰফী জয় কৰি ইতিহাস ৰচাই হ’ব দঃ আফ্ৰিকাৰ মূল আৰু একমাত্ৰ লক্ষ্য।
বিশ্বকাপৰ ফাইনেলত দুই শক্তিধৰ : ইতিহাস লিখাৰ সুযোগ দঃ আফ্ৰিকাৰ,ট্ৰফী জয়ৰ ক্ষণ গণনাত টীম ইণ্ডিয়া
Published on
Updated on

ডিজিটেল ডেস্ক : আৰম্ভ হৈছে প্ৰহৰ গণনা। বাৰ্বাডোজত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ মহাৰণ। সন্ধিয়া ৮-০০ বজাৰ লগে লগে পিটছত পৰিব প্ৰথমটো বল।

খিতাপ জয়ৰ এই মহাৰণত উভয় দল আশাবাদী। ২০০৭ চনতে উদ্বোধনী বৰ্ষৰ বিশ্ব জয়ৰ সোৱাদ পাইছিল টীম ইণ্ডিয়াই। সেই বৰ্ষত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দঃ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা টি-২০ বিশ্বকাপৰ ট্ৰফী ভাৰতলৈ আনিছিল। সেই সময়ছোৱাৰ ভাৰতীয় দলটোৰ অন্যতম সদস্য আছিল আজিৰ অধিনায়ক ৰোহিত শৰ্মা।

ইফালে ক্ৰিকেটৰ আনলাকী দল হিচাপে পৰিগণিত দঃ আফ্ৰিকাই এতিয়ালৈ জয় কৰিব পৰা তিনিওটা সংস্কৰণৰে খিতাপ। প্ৰথমবাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হৈছে দলটো। সেয়ে এই সুযোগ এৰি দিব নিবিচাৰে তেঁওলোকে।

দঃ আফ্ৰিকাৰ ভাৰতৰে সম্পৰ্ক মধুৰ যদিও ২২গজত বৈৰীবন্ধু হিচাপে অৱতীৰ্ণ হ’ব। যিকোনো প্ৰকাৰে ভাৰতৰ মুখৰ আগৰ পৰা ট্ৰফী জয় কৰি ইতিহাস ৰচাই হ’ব দঃ আফ্ৰিকাৰ মূল আৰু একমাত্ৰ লক্ষ্য।

এইখিনিতে উল্লেখ কৰিবই লাগিব যে ভাৰতে টি-২০ বিশ্বকাপকে ধৰি মুঠ ৩টা বিশ্বকাপ ট্ৰফী জয় কৰি বি চি চি আইৰ বৰঘৰ শুৱনি কৰিছে। এদিনীয়াত দুবাৰ আৰু টি-২০ত এবাৰ।

ৰোহিতৰ সন্মুখত এতিয়া ট্ৰফী জয় কৰা সময় সমাগত। আই পি এলত নিজৰ দক্ষতা প্ৰমাণ দাঙি ধৰি ৫বাৰকৈ মুম্বাই ইণ্ডিয়ানছক চেম্পিয়ন কৰাইছে। ক্ৰিকেটৰ কমাৰশালত পিতি পিতি গঢ়া ৰোহিত শৰ্মাই পুনৰ বিশ্ব জয়ৰ সোৱাদ দিব পাৰিব বুলি আশাবাদী প্ৰতিগৰাকী ভাৰতীয়।

উল্লেখ্য যে ২০১৩ চনৰ পৰা আজিপৰ্যন্ত আই চি চিৰ দ্বাৰা আয়োজিত কোনো ডাঙৰ ট্ৰফী জয় কৰিব পৰা নাই ভাৰতীয় ক্ৰিকেট দলে। ২০১৪ চনৰ টি-২০ বিশ্বকাপত ফাইনেলত পৰাস্ত হৈ আহত বাঘৰ দৰে ছটফটাই আছিল টীম ইণ্ডিয়া।

সেই ভোকে আজিও খেদি ফুৰিছে দলটোক। প্ৰায়ে বাৰে বাৰেই ছেমি ফাইনেলত থমকি ৰয় ভাৰতৰ বিজয় ৰথ। এইবাৰ কিন্তু নিস্তাৰ নাই। শীতল মস্তিষ্কৰে যুঁজত অৱতীৰ্ণ হ’ব ৰোহিত বাহিনী।

চলিত টি-২০ত এই পৰ্যন্ত অপৰাজেয় টীম ইণ্ডিয়া আৰু দঃ আফ্ৰিকা। গতিকে আজিয়েই নিৰ্ণয় হ’ব দুয়ো দলৰ ভাগ্য। এফালে ইতিহাস ৰচাৰ যুঁজত দঃ আফ্ৰিকা। আনফালে পুনৰ ট্ৰফী জয়ৰ যুঁজত টীম ইণ্ডিয়া।   

বিশ্বকাপৰ ফাইনেলত দুই শক্তিধৰ : ইতিহাস লিখাৰ সুযোগ দঃ আফ্ৰিকাৰ,ট্ৰফী জয়ৰ ক্ষণ গণনাত টীম ইণ্ডিয়া
পেৰিছ অলিম্পিকৰ অভিমুখে উৰা মাৰিলে লাভলিনাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in