অৱশেষত অসম মল্লযুঁজ সন্থাক স্বীকৃতি দিলে ভাৰতীয় মল্লযুঁজ সন্থাই...

অৱশেষত অসম মল্লযুঁজ সন্থাক স্বীকৃতি দিলে ভাৰতীয় মল্লযুঁজ সন্থাই...

author-image
Asomiya Pratidin
New Update
অৱশেষত অসম মল্লযুঁজ সন্থাক স্বীকৃতি দিলে ভাৰতীয় মল্লযুঁজ সন্থাই...

অৱশেষত অসম মল্লযুঁজ সন্থাক স্বীকৃতি দিলে ভাৰতীয় মল্লযুঁজ সন্থাই...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম মল্লযুঁজ সন্থাক আজি স্বীকৃতি প্ৰদান কৰে ভাৰতীয় মল্লযুঁজ সন্থাই। ১৯৮৯ চনতে প্ৰতিষ্ঠা হোৱা অসম মল্লযুঁজ সন্থাক ভাৰতীয় মল্লযুঁজ সন্থাই বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰি অহাত অসম মল্লযুঁজ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ৰাতুল শৰ্মাই ২৫ জুন তাৰিখে এক আবেদন দাখিল কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১১জুলাইত হ'বলগীয়া ভাৰতীয় মল্লযুজঁ সন্থাৰ নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰিছিল।

অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ দ্বাৰা তৰা গোচৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ভাৰতীয় মল্লযুঁজ সন্থাৰ তদৰ্থ সমিতিয়ে আজি অসম মল্লযুজঁ সন্থাক স্বীকৃতি প্ৰদান কৰে। এই সন্দৰ্ভত ভাৰতীয় মল্লযুজঁ সন্থাৰ তদৰ্থ সমিতিৰ হৈ ভূপেন্দৰ সিং বাঝৱাৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰৰ জৰিয়তে অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাক ভাৰতীয় মল্লযুঁজ সন্থাৰ বেংক একাউণ্টযোগে পঞ্জীয়ন মাছুল ২৩ হাজাৰ টকা জমা কৰিবলৈ দিয়ে।

প্ৰতিষ্ঠাকালৰে পৰা অসমক ভাৰতীয় মল্লযুঁজ সন্থাই বঞ্চিত কৰাৰ অন্তত অসম মল্লযুজঁ সন্থাক আজি স্বীকৃতি প্ৰদান কৰা কাৰ্য্যক আদৰণি জনাই সভাপতি ৰাতুল শৰ্মাই। অনাগত দিনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসম মল্লযুঁজ সন্থাক আগুৱাই নিয়াৰ সংকল্প লোৱাৰ লগতে সন্থাৰ অভিভাৱক তথা মন্ত্ৰী পীযুষ হাজৰীকাৰ দিহা পৰামৰ্শৰে এক নতুন গতি প্ৰদান কৰিবলৈ বদ্ধ পৰিকৰ বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে।

তেওঁ কয়, এই জয় অসম মল্লযুঁজ সন্থাৰ, এই জয় অসমৰ মল্লযুদ্ধাসকলৰ। এই সমগ্ৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱা অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই, অসম মল্লযুঁজ সন্থাৰ মুখ্য উপদেষ্টা উজ্বল বৰুৱা, উপ-সভাপতি অভিজিত নাথ, সম্পাদক গৌৰাঙ্গ ৰায়কে ধৰি অসম মল্লযুঁজ সন্থাৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ জনায় সভাপতি ৰাতুল শৰ্মাই।

Also Read: ভাৰতে পাব নতুন অধিনায়ক ! পাণ্ডিয়া, গিল নহয় ভাগ্য উদয় হ'ব এইজন ক্ৰিকেটাৰৰ...

মল্লযুঁজ সন্থা