পুনৰ ক্ৰিকেটলৈ উভতি আহিব জাহিৰ খান !

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ কৰ্তৃপক্ষই চলাইছে যো-জা
পুনৰ ক্ৰিকেটলৈ উভতি আহিব জাহিৰ খান !
Published on
Updated on

ডিজিটেল ডেস্ক: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বেগী বলাৰ জাহিৰ খানক ক্ৰিকেটৰ ক্ষেত্ৰলৈ ঘূৰাই অনাৰ যো-জা চলিছে। যদিহে সকলো ঠিকে-ঠাকে থাকে তেন্তে গৌতম গম্ভীৰৰ স্থানত ল’ব পাৰে জাহিৰ খানে।

ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ খবৰ অনুসৰি আই পি এলৰ দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ মেণ্টৰ পদৰ বাবে জাহিৰ খানক নিযুক্তি দিয়াৰ গুণাগাঁথা চলি আছে। ইতিমধ্যে দলটোৰ কাৰ্যকৰ্তাই জাহিৰ খানৰ সৈতে যোগাযোগ কৰি থকা বুলি জানিব পৰা গৈছে।

যদিহে জাহিৰ খানে সন্মতি প্ৰকাশ কৰে অথবা সেউজ সংকেত প্ৰদান কৰে তেন্তে লক্ষ্ণৌৰ মেণ্টৰ হ’ব প্ৰাক্তন বেগী বলাৰ জাহিৰ খান।

এইক্ষেত্ৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলটো দুই ধৰণে লাভৱান হ’ব বুলি আশা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই। কিয়নো মেণ্টৰৰ উপৰি দলটোৰ বলাৰসকলকো দিহা-পৰামৰ্শ দিব পাৰিব জাহিৰ খানে।  

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২৩ চনলৈকে লক্ষ্ণৌৰ মেণ্টৰ হিচাপে আছিল প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ। ইয়াৰ পাছত ২০২৪ বৰ্ষত শ্বাহৰুখ খানৰ অনুৰোধ ৰক্ষা কৰি গম্ভীৰে কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰৰ দায়িত্ব চম্ভালি দলক খিতাপ জয়ৰ সোৱাদ দিয়ে।

২০২৩ৰ পৰা মেণ্টৰৰ পদ খালী হৈ আছে লক্ষ্ণৌৰ। এতিয়া অপেক্ষা মাথো জাহিৰৰ সেউজ সংকেতলৈ। কিয়নো গৌতম গম্ভীৰৰ স্থানত জাহিৰ সন্মত হ’লেই পূৰণ হ’ব লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মেণ্টৰ পদ।

পুনৰ ক্ৰিকেটলৈ উভতি আহিব জাহিৰ খান !
জিনিলে ২টা স্বৰ্ণ, দুটা ৰূপৰ পদকঃ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটীৰ ৯বছৰীয়া ৰিয়াংশৰ সাফল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in