অবিশ্বাস্য অথচ সত্য, টি-২০ ত এটা ইনিংছতে ৩৪৪ ৰাণ...

জিম্বাৱে আৰু গাম্বিয়াৰ মাজৰ টি-২০ ত অভিলেখ
অবিশ্বাস্য অথচ সত্য, টি-২০ ত এটা ইনিংছতে ৩৪৪ ৰাণ...
অবিশ্বাস্য অথচ সত্য, টি-২০ ত এটা ইনিংছতে ৩৪৪ ৰাণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অবিশ্বাস্য যদিও সত্য, টি-২০ ক্ৰিকেটত এটা ইনিংছত হ'ল প্ৰায় চাৰে তিনিশ ৰাণ! এয়াও আকৌ যিকোনো সাধাৰণ এখন মেচ নহয়, বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচত গঢ়িলে এই পৰ্বতসম স্কোৰ।

ক্ৰিকেট ইতিহাসত এক সোণালী অধ্যায় লিপিবদ্ধ কৰি এই পৰ্বতসম স্কোৰ গঢ়িলে জিম্বাবোৱে ক্ৰিকেট দলটোৱে। স্বদেশৰ এখন মেচত দলটোৱে গাম্বিয়াৰ বিৰুদ্ধে এই অভিলেখ গঢ়িলে। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা ইনিংছত আছিল সৰ্বাধিক ৩১৪ ৰাণৰ এক ৰেকৰ্ড। এই ৰেকৰ্ডৰ অধিকাৰী আছিল নেপাল।

বুধবাৰে জিম্বাবোৱে আৰু গাম্বিয়াৰ মাজত অনুষ্ঠিত হৈছিল টি-২০ বিশ্বকাপৰ ছাব ৰিজিঅ'নেল আফ্ৰিকা কোৱালিফায়াৰ মেচ। গ্ৰুপ বিৰ দুয়োটা দলে নাইৰোবিৰ ৰুয়াৰকা স্প'ৰ্টছ ক্লাবৰ খেলপথাৰত খেলিছিল এই মেচখন।

প্ৰথমে বেটিং কৰিবলৈ আহি জিম্বাবোৱেৰ বেটছমেনসকলে যেন গাম্বিয়াৰ বলাৰসকলক এফালৰ পৰা প্ৰহাৰ হে কৰিছিল। অধিনায়ক ছিকন্দৰ ৰাজাই মাত্ৰ ৪৩ টা বলতে সংগ্ৰহ কৰে সৰ্বাধিক ১৩৩ ৰাণ। তেওঁৰ এই শতকীয় ইনিংছটোত আছিল ১৫ টা ছয় আৰু ৭ টা চাৰি।

মেচখনত জিম্বাবোৱেৰ অপেনাৰ তাদিৱানাছে মাৰুমণিয়ে মাত্ৰ ১৯ টা বলতে কৰে ৬২ ৰাণ। এনে আক্ৰমণাত্মক বেটিঙৰ বাবেই দলটোৱে ২০ অভাৰত ৩৪৪ ৰাণ কৰে। লগে লগে এই ইনিংছ হৈ পৰে বিশ্ব ক্ৰিকেটত টি-২০ৰ সৰ্বাধিক ৰাণৰ ইনিংছ।

ইয়াৰ পূৰ্বে নেপালে মঙ্গোলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৩১৪ ৰাণ সংগ্ৰহ কৰিছিল। অৱশ্যে, টেষ্ট খেলা কোনো দেশেই ইয়াৰ পূৰ্বে টি-২০ত ৩০০ ৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই।

অতি শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে ভাৰতে সৰ্বাধিক ২৯৭ ৰাণ সংগ্ৰহ কৰিছিল। জিম্বাবোৱে সেই সকলো অভিলেখ ভংগ কৰিলে। টেষ্ট খেলা দেশ হিচাপে দলটোৱে কেৱল ৩০০ৰ সীমা অতিক্ৰম কৰাই নহয় চাৰে তিনিশ ৰাণৰ দুৱাৰমুখ পাইগৈ।

ছিকন্দৰ ৰাজাই মেচখনত মাত্ৰ ৩৩ টা বলত শতক অৰ্জন কৰে। এয়া আছিল টি-২০ ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতক। মেচখনত জিম্বাবোৱেৰ বেটছমেনসকলে মুঠ ২৭ টা ছয় কোবাই।

আনহাতে, গাম্বিয়াৰ মুছা জোবাৰ্ট এখন টি-২০ ত সৰ্বাধিক ব্যয়বহুল বলাৰ হিচাপে পৰিগণিত হৈছে। তেওঁ ৪ অভাৰত ব্যয় কৰিলে ৯৩ ৰাণ। নিৰ্ধাৰিত ৩৪৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰি গাম্বিয়াই মাত্ৰ ৫৪ ৰাণতে অল আউট হয়। ফলত জিম্বাবোৱেয়ে মেচখন ২৯০ ৰাণত জয় কৰে। এয়াও এক অভিলেখ।

অবিশ্বাস্য অথচ সত্য, টি-২০ ত এটা ইনিংছতে ৩৪৪ ৰাণ...
শান্তিৰ বাৰ্তাৰে ৰাছিয়াত দ্বিপাক্ষিক বৈঠকত বহিল নৰেন্দ্ৰ মোডী আৰু জিনপিং...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in