ডিচেম্বৰত শিলন্যাস হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ ! মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে প্ৰস্তাৱিত ভূমি...

বিশ্ববিদ্যালয়খনৰ প্ৰস্তাৱিত ভূমি ৬০০ বিঘা, ২০০ বিঘা ভূমিত বাস কৰি আছে চাহ শ্ৰমিক
ডিচেম্বৰত শিলন্যাস হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ ! মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে প্ৰস্তাৱিত ভূমি...
ডিচেম্বৰত শিলন্যাস হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ ! মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে প্ৰস্তাৱিত ভূমি...
Published on
Updated on

ডিজিটেল ডেস্কঃ ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ ছহিদ কনকলতা বৰুৱাৰ সোঁৱৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত ঐতিহাসিক ভোলাগুৰি চাহ বাগিচাত স্থাপন কৰা হ'ব ছহিদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়। মুঠ ৬০০ বিঘা ভূমিত স্থাপন হ'বলগীয়া এই বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰিবলৈ আজি সেই স্থানত উপস্থিত হয়গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে ৰাজ্যৰ দুই মন্ত্ৰী ডাঃ ৰণোজ পেগু, অশোক সিংহাল, স্থানীয় সাংসদ ৰঞ্জিত দত্ত আৰু স্থানীয় বিধায়ক উৎপল বৰাই। প্ৰস্তাৱিত এই বিশ্ববিদ্যালয়ৰ বাবে ইতিমধ্যে ৫০০ কোটি টকা আৱণ্টন দিছে ৰাজ্য চৰকাৰে।

বিশ্ববিদ্যালয়খন সম্পূৰ্ণ হৈ উঠিলে অসমৰ উচ্চ শিক্ষাই এক নতুন মাত্ৰা লাভ কৰাৰ সমান্তৰালকৈ উত্তৰ অসমৰ শিক্ষা ক্ষেত্ৰই এক নতুন গতি লাভ কৰিব। সকলো ঠিকেই থাকিলে চলতি বছৰৰ ডিচেম্বৰ মাহতে এই বিশ্ববিদ্যালয়ৰ শিলন্যাস কৰি ইয়াৰ কাম-কাজ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অৱগত কৰে।

এই পৰিদৰ্শন কালচোৱাত সাংবাদিকৰে হোৱা মুখামুখীত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সকলো ঠিকেই থাকিলে খুব কম সময়ৰ ভিতৰতে অসম চৰকাৰে এই বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰিব।

বিশ্ববিদ্যালয়খনৰ বাবে অসম চাহ নিগমৰ প্ৰস্তাৱিত ৬০০ বিঘা ভূমিৰ ভিতৰত ২০০ বিঘা ভূমিত বাগিচাখনৰ ২০০ টা পৰিয়ালে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে। এই পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বিষয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বাগিচাৰ চৰকাৰী ভূমিত বাস কৰি থকা ২০০ পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে স্থানীয় শ্ৰমিক সংগঠন, আছা, আটছা আদি সংগঠনৰ সৈতে আলোচনা কৰি সমাধানৰ চেষ্টা কৰা হ’ব।

আজিৰ এই ভ্ৰমণৰ সময়তে স্থানীয় দল-সংগঠনসমূহৰ সৈতে এক বৈঠকত মিলিত হয় ড০ শৰ্মা। পৰৱৰ্তী সময়ত সকলোৰে সৈতে আলোচনাত মিলিত হৈ এই সন্দৰ্ভত ঐক্যমতত উপনীত হ'লে ডিচেম্বৰৰ ভিতৰত গহপুৰৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ ফচল উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখন নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ২০২৩-২৪ বৰ্ষৰ বাজেটত প্ৰস্তাৱিত এই কনকলতা বিশ্ববিদ্যালয়ৰ বিষয়ে উল্লেখ কৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগে। ইয়াৰোপৰি ২০২৩ ৰ ডিচেম্বৰ মাহৰ ২২ তাৰিখে কনকলতা বৰুৱাৰ জন্মগাঁৱত অনুষ্ঠিত হোৱা জন্ম শতবাৰ্ষিকীৰ অন্তিম অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গহপুৰক নতুন ৰূপ দিয়াৰ কথা ঘোষণা কৰিছিল।

তেওঁ দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ গঠন কৰা সমিতিয়ে শীঘ্ৰেই প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে গহপুৰ পৰিদৰ্শন কৰিব বুলিও জনাইছিল।অৱশ্যে এতিয়ালৈকে গহপুৰ পৰিদৰ্শন কৰিবলৈ বিশ্ববিদ্যালয়দুখনৰ উপাচাৰ্য দুগৰাকী অহা নাই। আজি মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ পাছতে এতিয়া পুনৰ বিশ্ববিদ্যালয়খনক লৈ গহপুৰবাসী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

ডিচেম্বৰত শিলন্যাস হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ ! মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে প্ৰস্তাৱিত ভূমি...
পানীৰ সংকটত লাখ লাখ জনতাঃ অনশনত বহিল আতিশী মাৰ্লেনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in