ডিজিটেল সংবাদ ঢকুৱাখনা: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত আৰম্ভ হৈছে ২০২৩-২০২৪ শিক্ষাবর্ষৰ (বি.এড) প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই চি ই টি (CET) পৰীক্ষাত উওীৰ্ণ শিক্ষাৰ্থীসকলে ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ পৰা নাম ভৰ্ত্তিৰ প্ৰ-প্ৰত্ৰ সংগ্ৰহ কৰি অহা ২০ জুলাই দিনৰ ৩ বজাৰ ভিতৰত মহাবিদ্যালয় কাৰ্য্যালয়ত জমা দিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলক আহ্বান জনাইছে।
এই সন্দৰ্ভত অধিক জানিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলক মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ ৮৬৩৮১০৭১১২, ৯১০১৯১৬২৬৫ আৰু ৮১৩৫৮৩১২৩৪ ফোন নম্বৰত যোগাযোগ কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে ৷