Dibrugarh University: বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো কৰক জবাৱদিহি !

Dibrugarh University: বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো কৰক জবাৱদিহি !
Dibrugarh University: বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো কৰক জবাৱদিহি !
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়(Dibrugarh University) ত সংঘটিত হোৱা ৰেগিং কাণ্ডই জোকাৰিছে ৰাজ্য। ৰেগিঙৰ বাবেই এজন ছাত্ৰই আত্মহত্যাৰ চেষ্টা চলাই হস্পিতালত জীৱন-মৃত্যুৰে যুঁজ দিবলগীয়া হোৱা পৰিস্থিতিৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাৰ সৈতে জড়িত সকলো ছাত্ৰৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণকৰ দাবী উত্থাপন হৈছে। তাৰ মাজতে বিশিষ্ট শিক্ষাবিদ, নেহুৰ প্ৰাক্তন অধ্যাপক অপূৰ্ব বৰুৱাই সমগ্ৰ ঘটনা সন্দৰ্ভত কেৱল ছাত্ৰ আৰু ৱাৰ্ডেনেই নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমগ্ৰ কৰ্তৃপক্ষকে জৱাবদিহি কৰিব লাগে বুলি মন্তব্য কৰিছে।

প্ৰাক্তন অধ্যাপক তথা চিন্তাবিদগৰাকীয়ে এক বিবৃতিত কয় যে, ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ৰেগিংৰ বাবে কেৱল ৱাৰ্ডেন নহয় সমগ্ৰ কৰ্তৃপক্ষক জৱাব দিহি কৰিব লাগে। গুণ্ডা ছাত্ৰলৈ ভয় কৰা কৰ্তৃপক্ষই ৱাৰ্ডেনক সুৰক্ষা কেনেকৈ দিব?

তেওঁৰ মতে, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত ঘুনে ধৰিছে। তেওঁ কয়, ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ছাত্ৰ আছিলো ৭০ দশকত। শিক্ষক সন্থাৰ মই সভাপতিও হৈছিলোগৈ। আজি মই লাজত মুখ উলিয়াব নোৱাৰা হৈছো। শিক্ষকসকলে এইদৰে শিক্ষানুষ্ঠানখন জহন্নমলৈ যাবলৈ দিলে কিয়?

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে সাহস দেখুৱাবনে? নে তেওঁ‌লোকৰ ৰাজহাড় বন্ধকত থৈ হে চাকৰি কৰিছে? আমাৰ দিনত উপাচাৰ্যই খেদা খাইছিল। ক'ত সেই সাহস? কিয় অসমীয়া মধ্যবিত্তশ্ৰেণীৰ মাজত আজি বুকুৰ পট্টা থকা মানুহৰ সংখ্যা কমিল?

উল্লেখ্য যে, এই ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কেইবাজনো ছাত্ৰক আটক কৰিছে। এতিয়াও পলাতক হৈ আছে ৰাহুল ছেত্ৰী নামৰ এজন ছাত্ৰ। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in