নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ত DST বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন হাব উদ্বোধন...

নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ত DST বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন হাব উদ্বোধন...
নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ত DST বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন হাব উদ্বোধন...
Published on
Updated on

ডিজিটেল সংবাদ নগাওঁঃ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে, নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ প্ৰাণীবিজ্ঞান বিভাগত এক উল্লেখযোগ্য গৱেষণামূলক পদক্ষেপত অনুমোদন জনাইছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে এটা বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন (STI) হাব স্থাপন কৰা হৈছে।

১৪ ডিচেম্বৰ, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই হাবৰ উদ্বোধনী অনুষ্ঠানত নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই সভাপতিত্ব কৰে। অধ্যাপক সদস্য, গৱেষক, আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ অধ্যক্ষ ড০ শৰৎ বৰকাটাকিয়ে এই অনুষ্ঠানত যোগদান কৰে।

ভাষণৰ সময়ত ড০ শৰৎ কুমাৰ দত্তই ডি এছ টিৰ পৰা গৱেষণা অনুদান লাভ কৰাৰ বাবে নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ ডি এছ টি এছ টি আই হাবৰ প্ৰধান তদন্তকাৰী ড° ভুবন চন্দ্ৰ চুতীয়াক প্ৰশংসা কৰে। তেওঁ চুবুৰীয়া অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত এছ টি আই হাবৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ড° ভূবন চন্দ্ৰ চুতীয়াই সভাৰ আগত এছ টি আই হাবৰ উদ্দেশ্য স্পষ্ট কৰি দিয়ে।

শেষত নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ড০ ললিত মোহন গোস্বামীয়ে ধন্যবাদ জ্ঞাপন কৰি উদ্বোধনী অনুষ্ঠানৰ সামৰণি মাৰে।

নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত) ত DST বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন হাব উদ্বোধন...
লীনা শইকীয়া বৰাক বিশ্বনাথ জিলা বিজেপিৰ উপ-সভানেত্ৰীৰ দায়িত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in