ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়়ৰ অৰ্থনীতি বিভাগ, অসমীয়া বিভাগ, শিক্ষা বিভাগ আৰু ইংৰাজী বিভাগৰ উদ্যোগত, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিয়ন্ত্ৰণ কোষৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে "মহিলা সবলীকৰণ আৰু ডিজিটেল উদ্ভাৱন"(women empowerment and digital innovation) শীৰ্ষক বিষয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়।
ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদ(The Indian Council of Social Science Research)ৰ সৌজন্যত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰখনি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই। পাছত আৰম্ভণি ভাষণ প্ৰদান কৰি অধ্যক্ষ দেৱজিৎ মহন্তই কয়, নাৰী সৱলীকৰণৰ বাবে মহিলাৰ আত্মিক, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক শক্তি বৃদ্ধিৰ লগতে নাৰীসকলৰ নিজা সামৰ্থ্য সম্পৰ্কত আত্মবিশ্বাস বঢ়াই তোলাৰ প্ৰয়োজন।"
ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শতাধিক গৱেষক শিক্ষাৰ্থী, সহকাৰী অধ্যাপক, সহযোগী অধ্যাপকে অংশ গ্ৰহণ কৰা আলোচনাচক্ৰখনিত ৰাজ্য, বহিঃৰাজ্যৰ সবৰ্মুঠ ১৭০ খন গৱেষণা পত্ৰ আলোচিত হ'ব। বটদ্ৰৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্বৰিফুল ইছলামে আঁতধৰা অনুষ্ঠানটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অজিৎ দেৱনাথে আৰম্ভণি চক্ৰত ভাষন প্ৰদান কৰে।
আজিৰ আলোচনাচক্ৰত কাৰ্বি আংলং জিলাৰ থং নকবে মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ আলকাফিল চৌধুৰী, ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ড০ নজৰুল ইছলাম বৰভূঞা, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়়ৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড০ আশ্বিক ইলাহী কে আদি কৰি শতাধিক অধ্যাপক অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু অতিথি উপস্থিত থাকে।
Also Read: নেতাৰ আঁৰত হেৰাল সাহিত্য, সংস্কৃতিৰ জ্যোতিষ্কঃ 'বুদ্ধ' নিজেই এক আদৰ্শ...