বাতিল কৰা হ'ল NEET-UG পৰীক্ষাত দিয়া গ্ৰেছ মাৰ্কঃ উচ্চতম ন্যায়ালয়ত জনালে NTAয়ে

বাতিল কৰা হ'ল NEET-UG পৰীক্ষাত দিয়া গ্ৰেছ মাৰ্কঃ উচ্চতম ন্যায়ালয়ত জনালে NTAয়ে
বাতিল কৰা হ'ল NEET-UG পৰীক্ষাত দিয়া গ্ৰেছ মাৰ্কঃ উচ্চতম ন্যায়ালয়ত জনালে NTAয়ে
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশজুৰি সৃষ্টি হোৱা বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে এন টিয়ে উচ্চতম ন্যায়ালয়ত জনাইছে বাতিল কৰা হৈছে NEET-UG ৰ ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীক দিয়া গ্ৰেছ মাৰ্ক। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত বিতৰ্কিত NEET-UG পৰীক্ষা সন্দৰ্ভত তিনিখন আবেদনৰ শুনানি গ্ৰহণ কৰে।

এই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পুনৰ কয় যে, NEET-UG ২০২৪ৰ কাউঞ্চিলিঙত স্থগিতাদেশ জাৰি নকৰে। কাউঞ্চিলিং অব্যাহত থাকিব। যদি পৰীক্ষা সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হয় তেন্তে সকলো সম্পূৰ্ণৰূপে স্থগিত হৈ পৰিব। সেয়ে ভয় কৰিবলগীয়া কোনো কথা নাই।

ন্যায়ালয়ত কেন্দ্ৰৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ক এইবাৰ দিয়া গ্ৰেছ মাৰ্ক সন্দৰ্ভত কয় যে, এন টি এয়ে ১৫৬৩ জন প্ৰাৰ্থীক গ্ৰেছ মাৰ্ক দিয়াৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কয় যে, গ্ৰেছ মাৰ্ক দিয়া ১৫৬৩ শিক্ষাৰ্থীক ২৩ জুনত পুনৰ পৰীক্ষা দিয়াৰ বাবে বিকল্প ব্যৱস্থা কৰা হ’ব। এই পৰীক্ষাৰ ফলাফল ৩০ জুনৰ আগে ঘোষণা কৰা হ’ব। ১৫৬৩ জন প্ৰাৰ্থীক গ্ৰেছ নম্বৰ দিয়া সিদ্ধান্ত এন টি এয়ে প্ৰত্যাহাৰ কৰিছে।

কেন্দ্ৰীয় চৰকাৰ তথা এন টি এয়ে উচ্চতম ন্যায়ালয়ক কয় যে, NEET-UG পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত কেইবাটাও পৰীক্ষা কেন্দ্ৰত কিছু সময় পলমকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে 'গ্ৰেছ মাৰ্ক' দিয়া ১৫৬৩ ৰো অধিক প্ৰাৰ্থীৰ ফলাফল পুনৰীক্ষণ কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে। উল্লেখ্য যে, এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ দুজনীয়া বিচাৰপীঠে।

এইবাৰ NEET-UG পৰীক্ষাত বহু বিসংগতি সংঘটিত হৈছে। সময়ৰ খেলিমেলি হোৱাৰ বাবে ১৫৬৩ জনক গ্ৰেছ মাৰ্ক দিয়াৰ উপৰিও এইবাৰ সৰ্বাধিক ৬৭ জন শিক্ষাৰ্থীয়ে ৭২০ ৰ ভিতৰত ৭২০ নম্বৰ লাভেৰে শীৰ্ষস্থান দখল কৰিছে। ইয়াৰে আকৌ ৮ জনে একেটা কেন্দ্ৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হৈ শীৰ্ষস্থান দখল কৰিছে।

বাতিল কৰা হ'ল NEET-UG পৰীক্ষাত দিয়া গ্ৰেছ মাৰ্কঃ উচ্চতম ন্যায়ালয়ত জনালে NTAয়ে
'দেশত এজন ব্যক্তিৰ শাসন অন্ত পৰিল'- মোডীক উদ্দেশ্যি শাৰদ পাৱাৰৰ তীক্ষ্ণ ভাষণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in