প্ৰীমিয়াৰ লীগঃ ফ্ৰেইণ্ড ছ’চাইটীৰ সহজ জয়

প্ৰীমিয়াৰ লীগঃ ফ্ৰেইণ্ড ছ’চাইটীৰ সহজ জয়

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলি থকা দ্বিতীয় অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ সোমবাৰৰ খেলত ফ্ৰেইণ্ড ছ'চাইটী সহজে জয়ৰ লক্ষ্যত উপনীত হয়। টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি হৰিশিঙা ক্ৰিকেট ক্লাৱে ১৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৭০ ৰান সংগ্ৰহ কৰে। দুৰ্দান্ত বলিঙেৰে ফ্ৰেইণ্ড ছ'চাইটীৰ হৈ তপন চেত্ৰীয়ে ৬.১ অভাৰত ১৮ ৰান দি ৪টা উইকেট দখন কৰি বিপক্ষ দলক বিধ্বস্ত কৰে।

৭১ ৰানৰ লক্ষ্য আগত ৰাখি বেটিং কৰা ফ্ৰেইণ্ড ছ'চাইটীয়ে ১৭ অভাৰত নিলম মৈনালীৰ সৰ্বোচ্চ অপৰাজিত ৩৬ ৰানৰ বৰঙণিৰে ৪ উইকেটৰ পতনৰ বিনিময়ত ৭১ ৰান সংগ্ৰহ কৰি জয়ী হয়। হৰিশিঙা ক্ৰিকেট ক্লাৱৰ হৈ ফুংবিলী বড়োৱে ৭ অভাৰত ২৬ ৰান দি ৩টা উইকেট দখল কৰে। দেওবাৰৰ খেল টংলা ক্ৰিকেট ক্লাব বনাম টাউন স্প'ৰ্টছ্ ক্লাবৰ মাজত অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in