দিল্লীত ''দ্যা হিটমেন শ্ব'' : ৰেকৰ্ড সৃষ্টিৰে ৰোহিত শৰ্মাৰ শতক...

দিল্লীত ''দ্যা হিটমেন শ্ব'' : ৰেকৰ্ড সৃষ্টিৰে ৰোহিত শৰ্মাৰ শতক...
দিল্লীত ''দ্যা হিটমেন শ্ব'' : ৰেকৰ্ড সৃষ্টিৰে ৰোহিত শৰ্মাৰ শতক...
Published on
Updated on

ডিজিটেল ডেস্কঃ দিল্লীত চলিল ৰোহিত শৰ্মাৰ বেট। মাৰমুখী বেটিঙেৰে ভাৰতীয় অধিনায়কগৰাকীয়ে মাত্ৰ ৬৩ টা বলতে সংগ্ৰহ কৰিলে চলিত বিশ্বকাপত তেওঁৰ প্ৰথমটো শতক।

ইয়াৰ লগে লগে তেওঁ বিশ্বকাপ ক্ৰিকেটত সংগ্ৰহ কৰিলে সপ্তমটো শতক। তেওঁ এইক্ষেত্ৰত অতিক্ৰম কৰিলে শচীন তেণ্ডুলকাৰক। তেণ্ডুলকাৰে বিশ্বকাপ ক্ৰিকেটত ৬ টা শতক অৰ্জন কৰি ৰেকৰ্ড গঢ়িছিল। ইয়াৰ লগে লগে ৰোহিত শৰ্মা হৈ পৰে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰ।

২০১৯ বিশ্বকাপতে ৰোহিত শৰ্মাই শচীন তেণ্ডুলকাৰৰ এই ৰেকৰ্ড স্পৰ্শ কৰিছিল। তেওঁ এই শতকীয় ইনিংছটো সজালে ১২ টা বাউণ্ডেৰী আৰু ৪ টা অবাৰ বাউণ্ডেৰীৰে। ইফালে আজিৰ মেচতে ৰোহিত শৰ্মাই বিশ্বকাপ ক্ৰিকেটত সম্পূৰ্ণ কৰিলে ১০০০ ৰাণ।

উল্লেখ্য যে, আফগানিস্তানৰ বিৰুদ্ধে দিল্লীত চলি থকা মেচখনত ভাৰতৰ সন্মুখত ২৭৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল দলটোৱে। এই ৰাণৰ লক্ষ্য অতিক্ৰমৰ বাবে খেল পথাৰত নামিয়েই ৰোহিত শৰ্মাই প্ৰথমৰে পৰা আক্ৰমণাত্মক হৈ উঠে। ইফালে ঈশান কিষাণে মেচখনত ৪৭ ৰাণ কৰি আউত হয়।

দিল্লীত ''দ্যা হিটমেন শ্ব'' : ৰেকৰ্ড সৃষ্টিৰে ৰোহিত শৰ্মাৰ শতক...
ভাৰতৰ সন্মুখত ২৭৩ ৰাণৰ লক্ষ্যঃ আফগানিস্তানৰ দৰ্শনীয় প্ৰদৰ্শন...
দিল্লীত ''দ্যা হিটমেন শ্ব'' : ৰেকৰ্ড সৃষ্টিৰে ৰোহিত শৰ্মাৰ শতক...
ভাৰতৰ সন্মুখত ২৭৩ ৰাণৰ লক্ষ্যঃ আফগানিস্তানৰ দৰ্শনীয় প্ৰদৰ্শন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in