পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ ঐতিহাসিক বিজয়...

পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ ঐতিহাসিক বিজয়...
পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ ঐতিহাসিক বিজয়...
Published on
Updated on

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে আফগানিস্তানে। মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তানে ২৮২ ৰাণ সংগ্ৰহ কৰি আফগানিস্তানৰ সন্মুখত ২৮৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।

এই লক্ষ্য আগত লৈ খেল পথাৰত নমা আফগানিস্তান দলটোৱে প্ৰথম যুটিত শক্তিশালী স্থিতি গ্ৰহণ কৰে। দলটোৰ অপেনাৰদ্বয় ৰহমুল্লা গুৰবাজ আৰু ইব্ৰাহিমে প্ৰথম উইকেটত ১৩০ ৰাণ সংগ্ৰহ কৰে। মেচখনত আফগানিস্তানৰ দলটোৰ তিনিজনকৈ বেটছমেনে অৰ্ধশতক অৰ্জন কৰে।

দলটোৰ হৈ ৰহমুল্লা গুৰবাজে ৬৫, ইব্ৰাহিমে ৮৭, ৰহমত শ্বাহে ৭৭ আৰু অধিনায়ক হাছমতুল্লাহে ৪৮ ৰাণ সংগ্ৰহ কৰে। পাক দলটোৰ হৈ শ্বাহিন শ্বাহ আফ্ৰিদি আৰু হাছান আলিয়ে এটাকৈ উইকেট দখল কৰে। শক্তিশালী পেছ বলিং আক্ৰমণৰ বাবে অহাংকাৰ মত্ত হৈ থকা পাকিস্তানৰ আটাইকেইজন পেছ বলাৰেই অসহায় হৈ পৰে আফগানিস্তানৰ বিৰুদ্ধে।

ইফালে প্ৰথমে বেটিং কৰা পাকিস্তানৰ দুজনকৈ বেটছমেনে অৰ্ধশতক অৰ্জন কৰে। দলটোৰ হৈ অপেনাৰ আব্দুল্লাই ৫৮, বাবাৰ আজমে ৭৪ ৰাণ সংগ্ৰহ কৰে। ইয়াৰোপৰি শ্বাদাব খান আৰু ইফতিকাৰ আহমেদে ৪০ ৰাণকৈ সংগ্ৰহ কৰে।

মেচখনত পাকিস্তানৰ বলাৰসকল ব্যৰ্থ হোৱাৰ সমান্তৰালকৈ প্ৰতিজন ক্ৰিকেটাৰেই খেল পথাৰত ফিল্ডিঙৰ ক্ষেত্ৰত অতি দুৰ্বল প্ৰদৰ্শন দাঙি ধৰিলে। মূলতঃ ফিল্ডিঙৰ দুৰ্বলতাৰ বাবে আফগানিস্তানে কেইবাটাও বাউণ্ডেৰী অৰ্জন কৰিবলৈ সক্ষম হয়।

আফগান দলটোৰ হৈ নবীন উল হকে ২ টা, নুৰ আহমেদে ৩ টা আৰু মহম্মদ নবি, আজমতুল্লাই এটাকৈ উইকেট ভগাই লয়। প্ৰতিযোগিতাখনত ইয়াৰ পূৰ্বে ইংলেণ্ডক পৰাস্ত কৰিছিল আফগান দলটোৱে।

পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ ঐতিহাসিক বিজয়...
নিৰ্বাচনৰ পূৰ্বে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ বেকফুটত বিজেপি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in