বিশ্বকাপৰ পৰা বাহিৰ পাণ্ডিয়াঃ ইডেন গাৰ্ডেনত প্ৰৱেশৰ পূৰ্বে ভাৰতীয় শিবিৰত মোক্ষম আঘাত...

বিশ্বকাপৰ পৰা বাহিৰ পাণ্ডিয়াঃ ইডেন গাৰ্ডেনত প্ৰৱেশৰ পূৰ্বে ভাৰতীয় শিবিৰত মুখ্যম আঘাত...
বিশ্বকাপৰ পৰা বাহিৰ পাণ্ডিয়াঃ ইডেন গাৰ্ডেনত প্ৰৱেশৰ পূৰ্বে ভাৰতীয় শিবিৰত মুখ্যম আঘাত...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটত এই মুহূৰ্তলৈকে অপ্ৰতিৰোধ্য হৈ আছে ভাৰতীয় দলটো। ৭ খন মেচৰ ৭ খনতেই বিজয় সাব্যস্ত কৰি ইতিমধ্যে পইণ্ট টেবুলৰ শীৰ্ষত আৰোহণেৰে প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

ভাৰতৰ হাতত বিধ্বস্ত হৈছে পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আদিৰ দৰে দল। একেদৰে ভাৰতৰ সন্মুখত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আফগানিস্তান, বাংলাদেশে।

৫ নৱেম্বৰ, দেওবাৰে ভাৰতে দক্ষিণ আফ্ৰিকৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত খেলিব পৰৱৰ্তী মেচখন। এই পৰ্যন্ত দক্ষিণ আফ্ৰিকায়েও বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে। মাত্ৰ এখন মেচত পৰাজিত হৈছে। বাকী প্ৰায় কেইখন মেচতে গঢ়িবলৈ সক্ষম হৈছে ৰাণৰ পাহাৰ।

এনে প্ৰদৰ্শনৰ বলতেই দলটো এতিয়া পইণ্ট টেবুলৰ দ্বিতীয়স্থানত। স্বাভাৱিকতে অপ্ৰতিৰোধ্য হৈ থাকিলেও ভাৰতৰ বাবে দেওবাৰৰ এই মেচখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বিশ্বৰ শ্ৰেষ্ঠ পেছ আক্ৰমণ হিচাপে স্বীকৃতি লাভ কৰা ভাৰতীয় বলাৰসকলৰ বাবেও এই মেচখন গুৰুত্বপূৰ্ণ।

দলটোৰ বেটছমেনসকলক কিদৰে ৰাণৰ পাহাৰ গঢ়াত বাধা দিয়ে সেয়া হ'ব লক্ষ্যণীয়। এনে এক গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে ভাৰতীয় শিবিৰলৈ আহিছে এক বেয়া খবৰ। ভাৰতীয় দলটোৰ অন্যতম সদস্য, উপ-অধিনায়ক তথা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া দলৰ পৰা বাহিৰ হৈছে।

বাংলাদেশৰ বিৰুদ্ধে খেলা মেচত আঘাতপ্ৰাপ্ত হোৱা পাণ্ডিয়া এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। এনে প্ৰেক্ষাপটত তেওঁক ভাৰতীয় দলটোৰ পৰা বাদ দিয়া হৈছে। তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে আন এগৰাকী তৰুণ ক্ৰিকেটাৰ প্ৰসিদ্ধ কৃষ্ণক।

অৱশ্যে বি চি চি আইয়ে আনুষ্ঠানিকভাৱে এই কথা এতিয়াও প্ৰকাশ কৰা নাই। উল্লেখ্য, পাণ্ডিয়াৰ আঘাতে সৌভাগ্যৰ দুৱাৰ মুকলি কৰিছিল পেছ বলাৰ মহম্মদ ছামিৰ। আৰম্ভণিৰ ৩ খন মেচত মূল একাদশত স্থান পোৱা নাছিল ছামিয়ে।

ভাৰতীয় দলটোৱে বুমৰাহ, ছিৰাজ, পাণ্ডিয়া, ছাৰ্দুল ঠাকুৰক লৈ খেল পথাৰত নামিছিল। পাণ্ডিয়াৰ আঘাতৰ পাছতে ছামিক মূল একাদশত স্থান দিয়া হয়। ইয়াৰ পাছতে তেওঁ হৈ পৰিছে অপ্ৰতিৰোধ্য। বিশ্ব ক্ৰিকেটত গঢ়িছে ন ন অভিলেখ।

বিশ্বকাপৰ পৰা বাহিৰ পাণ্ডিয়াঃ ইডেন গাৰ্ডেনত প্ৰৱেশৰ পূৰ্বে ভাৰতীয় শিবিৰত মুখ্যম আঘাত...
দৰ্শকৰ প্ৰতি বিৰাট কোহলিৰ অনুৰোধ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in