কিয় বাৰে বাৰে এনে অঘটন হয় ইংলেণ্ডৰ সৈতে? ২০১১ ৰ পৰা ২০২৩ বিশ্বকাপলৈ...

কিয় বাৰে বাৰে এনে অঘটন হয় ইংলেণ্ডৰ সৈতে? ২০১১ ৰ পৰা ২০২৩ বিশ্বকাপলৈ...
কিয় বাৰে বাৰে এনে অঘটন হয় ইংলেণ্ডৰ সৈতে? ২০১১ ৰ পৰা ২০২৩ বিশ্বকাপলৈ...
Published on
Updated on

ডিজিটেল ডেস্কঃ এনে অঘটন কিয় বাৰে বাৰে সংঘটিত হয় ইংলেণ্ডৰ সৈতে? দুৰ্বল দলৰ বিৰুদ্ধে বিশ্বকাপত পৰাজিত হোৱা ইংলেণ্ডৰ বিৰুদ্ধে যেন তেনেই সাধাৰণ কথা হৈ পৰিছে। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড চলিত বিশ্বকাপৰ দেওবাৰৰ এখন মেচত আফগানিস্তানৰ বিৰুদ্ধে পৰাজিত হল।

সমগ্ৰ ক্ৰিকেট বিশ্বত ইংলেণ্ডৰ এই পৰাজয়ক লৈ অব্যাহত আছে চৰ্চা। বহুতৰ মতে এয়া অঘটন। কিন্ত এনে অঘটন ইংলেণ্ডৰ সৈতে হৈছে বহুবাৰ। ২০১১ আয়াৰলেণ্ড, ২০১৫ ত বাংলাদেশ, ২০১৯ ত শ্ৰীলংকাৰ হাতত ইংলেণ্ড এনে অঘটনৰ সন্মুখীন হৈছিল।

২০১৯ ৰ চেম্পিয়ন ইংলেণ্ডে সেই বিশ্বকাপতে তুলনামূলকভাৱে দুৰ্বল শ্ৰীলংকাৰ বিৰুদ্ধে এখন মেচত পৰাজিত হৈছিল। সেইবাৰ শ্ৰীলংকা বিশ্বকাপৰ দুৰ্বল দলবোৰৰ ভিতৰত আছিল অন্যতম। সেই দলৰ বিৰুদ্ধেই ঘৰৰ মাটিত পৰাজিত হৈছিল ইংলেণ্ড।

মেচখনত প্ৰথমে বেটিং কৰি শ্ৰীলংকাই সংগ্ৰহ কৰিছিল ২৩২ ৰাণ। ইংলেণ্ডে এই লক্ষ্য সহজে অতিক্ৰম কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছিল যদিও দলটোৱে মাত্ৰ ২১২ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাইছিল। লাচিত মালিংগাই মেচখনত লৈছিল ৪ টাকৈ উইকেট।

২০১৫ ৰ বিশ্বকাপত বাংলাদেশৰ হাতত পৰাস্ত হৈছিল ইংলেণ্ড। সেই মেচৰ নায়ক আছিল মহম্মদুল্লা। তেওঁ সেই মেচখনত খেলিছিল শতকীয় ইনিংছ। ইংলেণ্ডৰ সন্মুখত ২৭৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল দলটোৱে। এই লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ২৬০ ৰাণতে থমকি ৰৈছিল ইংলেণ্ড। ৰুবুল হুছেইনে দখল কৰিছিল ৪ উইকেট।

বাংলাদেশ, শ্ৰীলংকাৰ বিৰুদ্ধে দলটোৱে এইদৰে পৰাজিত হোৱা বিষয়টোক সাধাৰণ বুলি মানি ল'ব পাৰিলেও ২০১১ ৰ বিশ্বকাপত আয়াৰলেণ্ডৰ বিৰুদ্ধে পৰাজিত হ'বলগীয়া বিষয়টোক সাধাৰণ বুলি ধৰি ল'ব নোৱাৰি। সেই মেচখনত আয়াৰলেণ্ডে ৫ টা বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰিছিল। দলটোৰ সন্মুখত ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিছিল ৩২৭ ৰাণৰ পৰ্বতস স্ক'ৰ। তথাপিও দলটো পৰাজিত হ'বলৈ বাধ্য হৈছিল।

দেওবাৰে আফগানিস্তানৰ বিৰুদ্ধেও দলটো এইদৰেই পৰাজিত হ'ল। ২৮৪ ৰাণৰ লক্ষ্য লৈ ২১৫ ৰাণতে আটাইকেইটা উইকেট হেৰুৱালে ইংলেণ্ডে। মেচখনত আফগানিস্তানৰ ৰহমনুল্লাহে ৮০ ৰাণৰ ইনিংছ খেলে। ইফালে তিনিটাকৈ উইকেট লাভ কৰে মুজিব উৰ ৰহমান আৰু ৰছিদ খানে।

বিশ্বকাপৰ দৰে মেগা ইভেণ্টত ইংলেণ্ডৰ দৰে শক্তিশালী এটা দলে বাৰে বাৰে এইদৰে পৰাজিত হোৱা বিষয়টো দুৰ্বল দলবোৰৰ বাবে আশাৰ খবৰ হ'লেও ইংলেণ্ডৰ বাবে এয়া কিন্তু একেবাৰেই ভাল লক্ষ্যণ নহয়।

কিয় বাৰে বাৰে এনে অঘটন হয় ইংলেণ্ডৰ সৈতে? ২০১১ ৰ পৰা ২০২৩ বিশ্বকাপলৈ...
'বিশ্বকাপ'২৩'ৰ প্ৰথমটো জয়ৰ যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in