ইংলেণ্ডৰ বেটিং পৰাক্ৰমঃ নিউজিলেণ্ডৰ ক্ষোভ উজাৰিলে বাংলাদেশৰ ওপৰত...

ইংলেণ্ডৰ বেটিং পৰাক্ৰমঃ নিউজিলেণ্ডৰ ক্ষোভ উজাৰিলে বাংলাদেশৰ ওপৰত...
ইংলেণ্ডৰ বেটিং পৰাক্ৰমঃ নিউজিলেণ্ডৰ ক্ষোভ উজাৰিলে বাংলাদেশৰ ওপৰত...
Published on
Updated on

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰা বাংলাদেশৰ বিজয়ৰ গতি ৰোধ কৰিলে ইংলেণ্ডে। নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচতেই পৰাজয় হোৱা বিগত বিশ্বকাপৰ চেম্পিয়ন ইংলেণ্ডে বাংলাদেশক ১৩৭ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

মঙ্গলবাৰে ধৰ্মাশালাত অনুষ্ঠিত হোৱা মেচখনত টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল বাংলাদেশে। এই সিদ্ধান্তই দলটোক বিপদতহে পেলাই। ইংলেণ্ড দলটোৱে আগ্ৰাসী বেটিং কৰি ৯ উইকেটত পৰ্বতসম ৩৬৪ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত ৩৬৫ ৰাণৰ লক্ষ্য লৈ খেল পথাৰত নমা বাংলাদেশে ২২৭ ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয়। প্ৰথমে বেটিং কৰা ইংলেণ্ড দলটোৰ হৈ ডেভিড মালান আৰু জনি বেয়াৰষ্টোৱে সুন্দৰ আৰম্ভণি দিয়ে।

দুয়োৰে অপেনিং যুটিত ১১৫ ৰাণ আহে। বেয়াৰষ্টোৱে ৫৯ বলত ৫২ ৰাণ কৰি আউট হয়। ইয়াৰ বিপৰীতে ডেভিড মালানে ১৪০ ৰাণৰ শতকীয় ইনিংছ খেলে। তেওঁ ১৬ টা বাউণ্ডেৰী আৰু ৫ টা অভাৰ বাউণ্ডেৰীৰে শতকীয় ইনিংছটো সজায়।

ডেভিড মালানৰ সৈতে যোগ্য সহযোগ আগবঢ়ায় জু ৰুটেও। ৰুটে ৬৮ টা বলত ৮ টাকৈ বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে মুঠ ৮২ ৰাণৰ ইনিংছ খেলে। ইয়াৰোপৰি দলটোৰ হৈ জছ বাটলাৰে ২০ ৰাণ, হেৰী ব্ৰুকে  ২০ ৰাণ সংগ্ৰহ কৰে।  

বাংলাদেশৰ হৈ ৭১ ৰাণ ব্যয় কৰি মেহদি হাছানে লাভ কৰে ৪ টাকৈ উইকেট। আনহাতে ৭৫ ৰাণ ব্যয় কৰি ৩ উইকেট লাভ কৰে ছৰিফুল ইছলামে। ইয়াৰোপৰি দলটোৰ হৈ এটাকৈ উইকেট লাভ কৰে তাছকিন আহমেদ আৰু ছাকিব অল হাছানে।

জয়ৰ বাবে নিৰ্ধাৰিত ৩৬৫ ৰাণৰ লক্ষ্য লৈ খেল পথাৰলৈ নমা বাংলাদেশে আৰম্ভণিৰ পৰা বেটিং বিপৰ্যয়ত ভূগে। দলটোৰ তানজিদ হাছান, ছাকিব অল হাছানে ১ ৰাণকৈ কৰাৰ বিপৰীতে নাজমুল হুছেইনে শূন্য ৰাণত পেভিলয়নৈ ঘূৰে। মেহদি হাছান মিৰাজে ৮ ৰাণ কৰে।

এইদৰে দলটো আৰম্ভণিৰে পৰা বিপৰ্যয়ৰ সন্মুখীন হয়। দলটোৱে মাত্ৰ ৪৯ ৰাণতে ৪ টা উইকেট হেৰুৱায়। অৱশ্যে লিটন দাস আৰু মুছফিকুৰ ৰহিমে দলটোৰ ইনিংছ চম্ভালে। লিটন দাসে ৬৬ বলত ৭৬ ৰাণৰ ইনিংছ খেলে। তেওঁৰ বেটৰ পৰা আহে ৭ টাকৈ চাৰি আৰু ২ টা ছয়।

মুছফিকুৰ ৰহমানৰ বেটৰ পৰা আহে ৬৪ বলত ৫১ ৰাণ। তেওঁলোক দুয়োৰে পঞ্চম উইকেটৰ যুটিত আহে ৭২ ৰাণ। ইয়াৰ পাছত তৌহিদ হৃদয়ৰ বেটৰ পৰা আহে ৩৯ ৰাণ। ইয়াৰ বাবে তেওঁ খেলে ৬১ টাকৈ বল।

এইদৰে বাংলাদেশৰ বিজয়ৰ বাবে প্ৰয়োজনীয় বলৰ সংখ্যা যথেষ্ট হ্ৰাস পাই আৰু ৰাণৰ সংখ্যা বৃদ্ধি হৈ যায়। দলটোৱে ৪৮.২ অভাৰতে আটাইকেইটা উইকেট হেৰুৱায়।

ইংলেণ্ডৰ বেটিং পৰাক্ৰমঃ নিউজিলেণ্ডৰ ক্ষোভ উজাৰিলে বাংলাদেশৰ ওপৰত...
শুভমণ গিল অসুস্থঃ জয়ছোৱাল অথবা ঋতুৰাজ আহিব পাৰে ভাৰতীয় দললৈ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in