ডিজিটেল ডেস্কঃ বিশ্বকাপৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছে বিভিন্ন বিতৰ্ক। উদ্বোধনী মেচত দৰ্শকৰ সীমিত উপস্থিতি, হায়দৰাবাদৰ ষ্টেডিয়াৰ লেতেৰা আসন আদিয়ে বিশ্বজুৰি চৰ্চা লাভ কৰাৰ পাছত এইবাৰ বিতৰ্ক সৃষ্টি হৈছে বাংলাদেশ আৰু আফগানিস্তানৰ মেচৰ পাছত।
শনিবাৰে আ ই চি চি বিশ্বকাপ-২০২৩ ৰ তৃতীয় দিনটোত অনুষ্ঠিত হৈছে দুখন মেচ। প্ৰথম মেচত মুখামুখী হয় বাংলাদেশ আৰু আফগানিস্তান। মেচখন অনুষ্ঠিত হৈছিল ধৰ্মশালাত।
এই মেচখনৰ পাছতে ষ্টেডিয়ামখনৰ আউটফিল্ডক লৈ এতিয়া অনেক প্ৰশ্নৰ সৃষ্টি হৈছে। সমাপ্ত হোৱা মেচখনত আঘাতৰ পৰা কোনো মতে ৰক্ষা পৰিছে কেইবাজনো ক্ৰিকেটাৰ।
এইদৰে এই ষ্টেডিয়ামত বাকী খেলসমূহ কিদৰে অনুষ্ঠিত কৰা হ'ব তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন। আফগান আৰু বাংলাদেশ দুয়োটা দলৰ প্ৰশিক্ষকে প্ৰথমে উত্থাপন কৰিছে এই প্ৰশ্ন।
কাৰণ ফিল্ডিং কৰাৰ সময়ত দুয়োটা দলৰ খেলুৱৈ বহু সমস্যাৰ সন্মুখীন হৈছে।আফগানিস্তানৰ প্ৰশিক্ষক জনাথন ট্ৰটে মেচৰ পাছত স্পষ্ট কৰি কৈছে, খেলপথাৰৰ পৰিস্থিতিৰ বাবে তেওঁলোক পৰাজিত হোৱা নাই। কিন্তু আয়োজকসকলে চিন্তা কৰিব লাগে ধৰ্মশালা বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ বাবে উপযুক্ত হয় নে নহয়। তেওঁ কয়, আইচিচিয়ে সকলো খেলপথাৰৰ বাহিৰৰ ক্ষেত্ৰসমূহ চোৱা উচিত।
ইফালে বাংলাদেশৰ মেহদি হাছানে এই সন্দৰ্ভত কয়, খেলপথাৰক লৈ মন যথেষ্ট গধূৰ হৈছে। অৱশ্যে তেওঁ সকলো দোষ আউট ফিল্ডলৈ থেলিবলৈ ইচ্ছ্যুক নহয়। ষ্টেডিয়ামখনৰ আউট ফিল্ডৰ বাবেই বাংলাদেশ আৰু আফগানিস্তানৰ কেইবাজনো ক্ৰিকেটাৰ বিপদৰ সন্মুখীন হৈছিল।
উল্লেখ্য যে, অহা ২২ নৱেম্বৰত এই ষ্টেডিয়ামতেই অনুষ্ঠিত হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মেচ। আজিৰ মেচখনৰ পাছত সেই মেচখনক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
ইফালে যোৱা সময়ছোৱাত অনুষ্ঠিত হৈ যোৱা ভাৰত- অষ্ট্ৰেলিয়াৰ টেষ্টৰ তৃতীয়খন মেচ ধৰ্মশালাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সেই মেচ ইন্দোৰলৈ স্থানান্তৰ কৰা হয়। পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল ইয়াৰ আউট ফিল্ডত ভেকুৰৰ সংক্ৰমণ হৈছিল। তাৰ পাছতো এই ষ্টেডিয়ামত কিয় বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰা হ'ল তাক লৈ এতিয়া সৰ্বত্ৰে আৰম্ভ হৈছে চৰ্চা।
with every passing match, BCCI incompetencies getting exposed
Hope mujeeb is okay here 😲#CWC23 #BANvsAFG pic.twitter.com/cOXv5h1aGx— Ahmad (@AhmadSpeakss) October 7, 2023
Also Read: সিংহলী বলাৰক নিৰ্দয় প্ৰহাৰ দক্ষিণ আফ্ৰিকাৰ: গঢ়িলে অনন্য অভিলেখ...