ডিজিটেল ডেস্কঃ অসম্ভৱ ! আই চি চি এদিনীয়া বিশ্বকাপত ভাৰতক পৰাস্ত কৰাটো পাকিস্তানৰ পক্ষে অসম্ভৱ। ইতিপূৰ্বে ৭ খনকৈ বিশ্বকাপত ভাৰত আৰু পাকিস্তান মুখামুখী হৈছিল। এই সাতোখন মেচতেই পৰাস্ত হৈছিল পাক দলটো।
ভাৰতীয় দলটোৱে এইবাৰো সেই ধাৰাবাহিকতা ৰক্ষা কৰিলে। বিজয় সাব্যস্ত কৰিলে পাকিস্তানৰ বিৰুদ্ধে। মাত্ৰ কেইটামান মুহূৰ্ততে ধুলিৰ লগত মিহলি হৈ গ'ল পাকিস্তানৰ পেছ বলিং আক্ৰমণৰ দম্ভ।
আহমেদাবাদত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ভাৰত আৰু পাকিস্তানৰ আজিৰ মেচত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ২৯.৩ অভাৰ ৭ টা উইকেটত বিজয় সাব্যস্ত কৰিলে। ভাৰতৰ এই বিজয়ৰ মূলতে আটাই কেইগৰাকী বলাৰৰ নিয়ন্ত্ৰিত বলিং আৰু অধিনায়ক ৰোহিত শৰ্মাৰ বিধ্বংসী ৰূপ।
মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তান যিদৰে বেটিং কৰিছিল তাৰ পৰা অনুমান কৰা হৈছিল মেচখনত পাদ দলটোৰ স্ক'ৰ ২৮০ ৰো অতিক্ৰম কৰিব। কিন্তু ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙে দলটোক মাত্ৰ ১৯১ ৰাণতে সীমাবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয়।
১৯২ ৰাণৰ লক্ষ্য সন্মুখত লৈ প্ৰথমৰে পৰা আক্ৰমণাত্মক হৈ উঠে অপেনাৰ ৰোহিত শৰ্মা। তেওঁ মাত্ৰ ৬৩ টা বলতে ৮৬ ৰাণ কৰে। ইফালে মিডল অৰ্ডাৰৰ বেটছমেন শ্ৰেয়াস আয়াৰেও অধিনায়কগৰাকীকে অনুসৰণ কৰে। তেওঁ ৬২ টা বলত ৫৩ ৰাণ কৰে। ইফালে শুভমণ গিলৰ বেটৰ পৰা আহে ১৬ আৰু বিৰাট কোহলিৰ বেটৰ পৰা আহে ১৬ ৰাণ। ১৯ ৰাণত অপৰাজিত হৈ থাকে কে এল ৰাহুল।
পাকিস্তানৰ হৈ ছাহিন শ্বাহ আফ্ৰিদিয়ে সৰ্বাধিক দুটা উইকেট দখল কৰাৰ বিপৰীতে হাছান আলীয়ে এটা উইকেট দখল কৰে। পাক দলটোৰ প্ৰতিগৰাকী বলাৰকে ৰোহিত শৰ্মাই প্ৰথমেৰে পৰা নিৰ্মম প্ৰহাৰ কৰি চাপ বৃদ্ধি কৰে।
ইফালে প্ৰথমে বেটিং কৰি পাক দলটোৰ হৈ বাবৰ আজমে সৰ্বাধিক ৫০ ৰাণ সংগ্ৰহ কৰে। তেওঁক মহম্মদ ছিৰাজে পেভিলিয়নৰ বাট দেখুৱাই। দলটোৰ অপেনাৰ আব্দুল্লাহে ব্যক্তিগত ২০ ৰাণ সংগ্ৰহ কৰাৰ পাছতে মহম্মদ ছিৰাজে তেওঁক পিভিলিয়নৰ বাট দেখুৱায়।
দলটোৰ হৈ ইমাম উল হকে কৰে ৩৬ ৰাণ। তেওঁ হাৰ্দিক পাণ্ডিয়াৰ চিকাৰ হয়। ইফালে যশপ্ৰীত বুমৰাহৰ চিকাৰ হয় ৪৯ ৰাণত বেটিং কৰি থকা মহম্মদ ৰিজৱান। এই কেইগৰাকী বেটছমেনৰ বাহিৰে দলটোৰ আটাইকেইগৰাকী বেটছমেন ব্যৰ্থ হয়।
দলটোৱে মাত্ৰ ৩৬ ৰাণৰ ব্যৱধানত হেৰুৱাই ৮ টাকৈ উইকেট। ভাৰতৰ হৈ শাৰ্দুল ঠাকুৰক বাদ দি যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাডেজাই ২ টাকৈ উইকেট ভগাই লয়।
Make it 3⃣ in a row for #TeamIndia! 👏 👏
Shreyas Iyer sails past FIFTY as India beat Pakistan by 7 wickets! 👍 👍
Scorecard ▶️ https://t.co/H8cOEm3quc#CWC23 | #INDvPAK | #MeninBlue pic.twitter.com/ucoMQf2bmU— BCCI (@BCCI) October 14, 2023
Also Read: বাবৰ, পাকিস্তানৰ সমৰ্থনত গৌতম গম্ভীৰ সমালোচনা কৰিলে গুজৰাটৰ দৰ্শকক...