বিশ্বকাপৰ মঞ্চৰ পৰা দেশৰ ভূমিকম্প পীড়িতলৈ শ্ৰদ্ধা আফগানিস্তানৰ...
বিশ্বকাপৰ মঞ্চৰ পৰা দেশৰ ভূমিকম্প পীড়িতলৈ শ্ৰদ্ধা আফগানিস্তানৰ...

বিশ্বকাপৰ মঞ্চৰ পৰা দেশৰ ভূমিকম্প পীড়িতলৈ শ্ৰদ্ধা আফগানিস্তানৰ...

Published on

ডিজিটেল ডেস্কঃ বিশ্বকাপত আজি ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিছে আফগানিস্তান। দলটো বিশ্বকাপৰ বাবে ভাৰতত থকাৰ সময়তে ভূমিকম্পই জোকাৰি গৈছে দেশখন। ভূমিকম্পত বিপৰ্যস্ত আফগানিস্তানত মৃতকৰ সংখ্যা চাৰি হাজাৰ অতিক্ৰম কৰিছে।

দেশৰ এনে সংকটৰ সময়তে বিশ্বজয়ৰ বাবে খেল পথাৰত নমা দলটোৱে এই সংকটৰ কথা মনত ৰাখি হাতত ক'লা বেণ্ড পৰিধান কৰিছে। ভাৰতৰ বিৰুদ্ধে খেলা মেচখনৰ পূৰ্বে টছ কৰিবলৈ অহাৰ সময়ত ৰছিদ খানৰ হাতত দেখা গৈছিল এই ক'লা বেণ্ড।

ইফালে আজিৰ মেচখনত ভাৰতীয় দলটোৱে অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক মূল একাদশত স্থান দিয়াৰ পৰিৱৰ্তে শাৰ্দুল ঠাকুৰকহে স্থান দিছে। উল্লেখ্য, বিগত দেওবাৰে ভয়ংকৰ ভূমিকম্পত কঁপি উঠিছিল আফগানিস্তান।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩। ভূমিকম্পৰ উৎপত্তিস্থল আছিল হেৰাত ছহৰৰ পৰা ৪০ কিলোমিটাৰ উত্তৰ পশ্চিম অঞ্চল। এই ভূমিকম্পত এই পৰ্যন্ত ৪ হাজাৰ মানুহৰ মৃত্যু হৈছে।

হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। দেশৰ এনে বিপৰ্যয়ৰ সময়ত বিশ্বকাপৰ মেচ খেলি ৰছিদ খানে যি ধন উপাৰ্জন কৰিব সেই ধন ভূমিকম্প পীড়িতলৈ আগবঢ়াব বুলি ঘোষণা কৰিছে।

দেশখনৰ বৰ্তমানৰ পৰিস্থিতিৰ কথা বিশ্বৰ সন্মুখত তুলি ধৰাৰ লগতে নিহতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আফগান দলটোৱে ক'লা বেণ্ড পৰিধান কৰিছে। মেচৰ পূৰ্বে জাতীয় সংগীত পৰিৱেশনৰ সময়ত দলটোৰ ক্ৰিকেটাৰে ক'লা বেণ্ড পৰিধান কৰা ক্ৰিকেট অনুৰাগীৰ চকুত ধৰা দিছিল।  

বিশ্বকাপৰ মঞ্চৰ পৰা দেশৰ ভূমিকম্প পীড়িতলৈ শ্ৰদ্ধা আফগানিস্তানৰ...
ৰোহিত-শ্ৰেয়াছ-ঈশানৰ সন্মুখত সোণালী সুযোগ : ভাৰতৰ সন্মুখত আফগানিস্তান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in