পৰাজয়ৰ হেট্ৰিক ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰঃ অসম্ভৱ ছেমি ফাইনেলৰ স্বপ্নও...

পৰাজয়ৰ হেট্ৰিক ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰঃ অসম্ভৱ ছেমি ফাইনেলৰ স্বপ্নও...

author-image
Asomiya Pratidin
New Update
পৰাজয়ৰ হেট্ৰিক ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰঃ অসম্ভৱ ছেমি ফাইনেলৰ স্বপ্নও...

পৰাজয়ৰ হেট্ৰিক ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰঃ অসম্ভৱ ছেমি ফাইনেলৰ স্বপ্নও...

ডিজিটেল ডেস্কঃ ২০১৯ বিশ্বকাপৰ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ ছন্দ পতনৰ ধাৰা অব্যাহত। চলিত বিশ্বকাপত দলটোৱে পৰাজয়ৰ হেট্ৰিক অৰ্জন কৰিলে। কেৱল সেয়াই নহয়, এই পৰ্যন্ত প্ৰতিযোগিতাখনত মুঠ ৫ খন মেচ খেলি ৪ খনতেই পৰাস্ত হৈছে দলটো।

শেহতীয়াকৈ আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পূৰ্বৰ দুখন মেচত পৰাজয়ৰ পাছত বৃহস্পতিবাৰে শ্ৰীংলাকৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ক স্বীকাৰ কৰি লয় দলটোৱে। বেংগালুৰুত অনুষ্ঠিত হোৱা মেচখনত শ্ৰীলংকাৰ হাতত দলটো বিধ্বস্ত হোৱাৰ মূলতে আছিল সিংহলী দলটোৰ নিয়ন্ত্ৰিত বলিং, উজ্জীৱিত বেটিং আৰু ইংৰাজ দলটোৰ বেটিং বিপৰ্যয়।

দলটোৰ এনে প্ৰদৰ্শনে এতিয়া ছেমি ফাইনেলৰো বাট বন্ধ কৰি তুলিছে। মেচখনত টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় জছ বাটলাৰে। ক্ৰিজলৈ আহি দলটোৰ অপেনাৰ দ্বয়ে প্ৰথম উইকেটৰ যুটিত ৪৫ ৰাণ সংগ্ৰহ কৰে।

সিংহল বাহিনীৰ হৈ প্ৰথমটো উইকেট দখল কৰে এঞ্জেলো মেথিউজে। চলিত বিশ্বকাপত দলটোৰ হৈ প্ৰথমবাৰৰ বাবে খেল পথাৰত নমা মেথিউজে নিজৰ অভিজ্ঞতাক মেচখনত সঠিক ভাৱেই ব্যৱহাৰ কৰিলে।

তেওঁ ইংলেণ্ড দলটোৰ মালানক ২৮ ৰাণত আউট কৰি শ্ৰীলংকাক প্ৰথমটো সফলতা দিয়ে। প্ৰথম উইকেটৰ পতনৰ পাছতে ইংলেণ্ড দলটোৰ উইকেট প্ৰায় তাছ পাট খহাৰ দৰে খহিবলৈ আৰম্ভ কৰে।

পূৰ্বৰ মেচ কেইখনৰ দৰেই এই মেচখনত চূড়ান্তভাৱে ব্যৰ্থ হয় মিডল অৰ্ডাৰ। বেন ষ্টোকছ, জো ৰুট, জছ বাটলাৰ, লিয়াম লিভিংষ্টোন, মইন আলীৰ প্ৰদৰ্শন আছিল অতি নিম্ন স্তৰৰ।

ফলত দলটোৱে ৩৩.২ অভাৰতে ১৫৬ ৰাণত আটাইকেইটা উইকেট হেৰুৱাই।শ্ৰীলংকাৰ হৈ লাহিৰু কুমাৰাই ৩ টা, কাছুন ৰাজিথা, মেথিউজে ২ টাকৈ, মহিষ থীকশানাই ১টা উইকেট লাভ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত খেল পথাৰত নামি শ্ৰীলংকান দলটোৱে মাত্ৰ ২৫.৪ অভাৰতে ২ উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ পাথোম নিছাংকাই ৭৭ ৰাণ, ছাদিৰা সামাৰাৱিক্ৰমাই ৬৫ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ দুটা উইকেট লাভ কৰে ডেভিড উইলিয়ে।

Also Read: সেনাৰ গুলীত নিহত পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ অপচেষ্টাত লিপ্ত ৫ সন্ত্ৰাসবাদী...

ক্ৰিকেট এদিনীয়া বিশ্বকাপ ক্ৰিকেট