বিশ্বকাপত ভাৰতৰ 'অশ্বমেধ যাত্ৰা': ৮৩ ৰাণতে স্তব্ধ মহা শক্তিশালী দক্ষিণ আফ্ৰিকা...

বিশ্বকাপত ভাৰতৰ 'অশ্বমেধ যাত্ৰা': ৮৩ ৰাণতে স্তব্ধ মহা শক্তিশালী দক্ষিণ আফ্ৰিকা...
বিশ্বকাপত ভাৰতৰ 'অশ্বমেধ যাত্ৰা': ৮৩ ৰাণতে স্তব্ধ মহা শক্তিশালী দক্ষিণ আফ্ৰিকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ অপ্ৰতিৰোধ্য 'কিং কোহলি', অপ্ৰতিৰোধ্য ভাৰতীয় দল। বিশ্বকাপত ভাৰতৰ বিজয়ৰ অশ্বমেধ যাত্ৰা অব্যাহত। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫ নৱেম্বৰ, দেওবাৰে বিশ্বকাপৰ গুৰুত্বপূৰ্ণ মেচত ক্ৰিকেট 'লিজেণ্ড' শচীন তেণ্ডুলকাৰৰ এদিনীয়া ক্ৰিকেটৰ ৪৯ সংখ্যক শতকৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে।

নিজৰ ৩৫ সংখ্যক জন্মদিনৰ দিনটোতে এই অভিলেখ স্পৰ্শ কৰি আৱেগিক কিং কোহলি। এই আনন্দক অধিক উৎসৱমুখৰ কৰি তুলিলে ভাৰতীয় দলটোৱে। চলিত বিশ্বকাপত ভাৰতক বাদ দি যি কেইটা দলে দমনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে সেই দল কেইটাৰ ভিতৰত শীৰ্ষত আছে দক্ষিণ আফ্ৰিকা।

এই দলটোৱে প্ৰায় প্ৰতিটো দলৰ বিৰুদ্ধে পৰ্বতসম স্ক'ৰ কৰিবলৈ সক্ষম হৈছিল। ৪০০ ৰাণৰ স্ক'ৰ যেনে এই দলটোৰ বাবেই তেনেই সাধাৰণ কথা হৈ পৰিছিল। কিন্তু ভাৰতীয় দলে নিৰ্ধাৰণ কৰি দিয়া ৩২৭ ৰাণ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ মাত্ৰ ৮৩ ৰাণতে পৰাজয় স্বীকাৰ কৰি নিৰ্লজ্জ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। ইয়াৰ মূলতে ভাৰতীয় দলটোৰ শক্তিশালী বলিং আক্ৰমণ।

মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে ৫০ অভাৰত ৫ উইকেট হেৰুৱাই ৩২৬ ৰাণ সংগ্ৰহ কৰে। অপেনিং কৰিবলৈ আহি ৰোহিত শৰ্মাই প্ৰথমৰে পৰা আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। তেওঁ মাত্ৰ ২৪ টা বলতে ৪০ ৰাণ সংগ্ৰহ কৰে।

প্ৰথম উইকেটৰ যুঁটিত ৰোহিত আৰু শুভমণ গিলে দললৈ আগবঢ়ায় ৬২ ৰাণৰ অৱদান। ইয়াৰ পিছত ক্ৰিজলৈ আহে বিৰাট কোহলি। ভাৰতীয় দলটোৱে ৯৩ ৰাণত হেৰুৱাই শুভমণ গিলৰ উইকেট। গিলে ২৪ বলত কৰে ২৩ ৰাণ।

ইয়াৰ পিছতে ক্ৰিজলৈ আহে শ্ৰেয়াস আয়াৰ। আয়াৰৰ বেটৰ পৰা আহে ৮৭ বলত ৭৭ ৰাণৰ অৰ্ধশতকীয় ইনিংছ। ইয়াৰোপৰি কে এল ৰাহুলে ৮, সূৰ্য কুমাৰে ১৪ বলত ২২ আৰু ৰবিন্দ্ৰ জাডেজাই ১৫ বলত ২৯ ৰাণ সংগ্ৰহ কৰে। বিৰাট কোহলিয়ে অপৰাজিত ১০১ ৰাণৰ শতকীয় ইনিংছ উপহাৰ দিয়ে।

দক্ষিণ আফ্ৰিকাৰ হৈ এ কে মাৰক্ৰামক বাদ দি আটাইকেইজন বলাৰে এটাকৈ উইকেট ভগাই লয়।

৩২৭ ৰাণৰ লক্ষ্য লৈ খেল পথাৰত নমা দক্ষিণ আফ্ৰিকা দলটোৱে প্ৰথমৰে পৰা বেটিং বিপৰ্যয়ত পৰে। দলটোৱে মাত্ৰ ৬ ৰাণতে হেৰুৱাই কুইণ্টন ডি কুকৰ উইকেট। তেওঁৰ উইকেট দখল কৰে মহম্মদ ছিৰাজে।

ইয়াৰ পাছতে ধাৰাবাহিকভাৱে দলটোৱে মাত্ৰ ৮৩ ৰাণতে ২৭.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই। দলটোৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে এম জামছেনে। তেওঁ ৩০ টা বলত ১৩ ৰাণ কৰে।

দলটোৰ কোনো এজন বেটছমেনেই ১৫ ৰাণো কৰিবলৈ সক্ষম নহ'ল। ভাৰতৰ হৈ ৰবিন্দ্ৰ জাডেজাই ৫ টা উইকেট, মহম্মদ ছামি আৰু কুলদীপ যাদৱে ২ টাকৈ উইকেট দখল কৰে। মহম্মদ ছিৰাজে দখল কৰে এটা উইকেট। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে বিৰাট কোহলিয়ে।

বিশ্বকাপত ভাৰতৰ 'অশ্বমেধ যাত্ৰা': ৮৩ ৰাণতে স্তব্ধ মহা শক্তিশালী দক্ষিণ আফ্ৰিকা...
শুদ্ধ হ'ল 'ক্ৰিকেট ঈশ্বৰ'ৰ ভৱিষ্যৎ বাণীঃ ৬৭ হাজাৰ দৰ্শকৰ সন্মুখত বিৰাটৰ ৰাজকীয় ইনিংছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in