ৰোহিত-শ্ৰেয়াছ-ঈশানৰ সন্মুখত সোণালী সুযোগ : ভাৰতৰ সন্মুখত আফগানিস্তান

ৰোহিত-শ্ৰেয়াছ-ঈশানৰ সন্মুখত সোণালী সুযোগ : ভাৰতৰ সন্মুখত আফগানিস্তান
Published on
Updated on

ডিজিটেল ডেস্ক : আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ২০২৩ৰ আজি নৱম সংখ্যক মেচ। এই মেচখন অনুষ্ঠিত হ'ব দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত। বুধবাৰে অনুষ্ঠিত হ'ব লগা এই মেচখনত ভাগ ল'ব ভাৰত-আফগানিস্তান।

পাকিস্তানৰে হ'ব লগা মেচখনৰ পূৰ্বে এই মেচখন ভাৰতৰ বাবে ৰিহাৰ্চেল সদৃশ। অষ্ট্ৰেলিয়াৰে হোৱা প্ৰথমখন মেচত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল ৰোহিত শৰ্মা,ঈশাণ কিষাণ আৰু শ্ৰেয়াছ আয়াৰ। সেয়ে আজিৰ এই মেচখনত তেওঁলোকে পাব সোণালী সুযোগ। তুলনামূলকভাৱে দুৰ্বল আফগানিস্তানৰে হোৱা মেচখন দ্বাৰাই ভুল শুধৰণি কৰাৰ সুযোগ পাব।

উল্লেখযোগ্য যে, অসুস্থ শুভমন গীলৰ স্থানত দলৰ ইনিংছ মুকলি কৰাত ৰোহিতক সংগ দিয়া ঈশানৰ প্ৰদৰ্শনক লৈ সন্তুষ্ট নহয় দলীয় মেনেজমেণ্ট। সেয়ে আজিৰ এই মেচখনত ঈশানে উন্নত প্ৰদৰ্শন আগবঢ়াব লাগিব।

ইফালে এই মেচখনকলৈ দিল্লীৰ অনুৰাগী বেচ উদ্বিগ্ন। কিয়নো বিৰাট কোহলিয়ে গৃহ চহৰত খেলিব। সম্প্ৰতি সুন্দৰ ফৰ্মত আছে কিঙ কোহলি। তেওঁৰ পৰা অনুৰাগী এটা ডাঙৰ ইনিংছ আশা কৰিছে।

ৰোহিত-শ্ৰেয়াছ-ঈশানৰ সন্মুখত সোণালী সুযোগ : ভাৰতৰ সন্মুখত আফগানিস্তান
ইংলেণ্ডৰ বেটিং পৰাক্ৰমঃ নিউজিলেণ্ডৰ ক্ষোভ উজাৰিলে বাংলাদেশৰ ওপৰত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in