উইলিয়ামচন বিহীন নিউজিলেণ্ডৰ আজি দ্বিতীয়খন মেচ

উইলিয়ামচন বিহীন নিউজিলেণ্ডৰ আজি দ্বিতীয়খন মেচ
Published on
Updated on

ডিজিটেল ডেস্ক : আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২৩ৰ দ্বিতীয়খন মেচতো দেখিবলৈ পোৱা নগ'ল নিউজিলেণ্ডৰ নিয়মীয়া অধিনায়ক কেম উইলিয়ামছনক। সেয়ে সোমবাৰে নেদাৰলেণ্ডৰে হোৱা মেচখনত দলক নেতৃত্ব দিয়ে টম লাথামে।

আজিৰ এই মেচখনত টছত জয়ী হৈ নেদাৰলেণ্ডে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু নিউজিলেণ্ডক বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। বাতৰি লিখা পৰলৈকে নিউজিলেণ্ডে ২০ অ'ভাৰত ১০২ ৰাণত বেট ধৰি আছে।

অৱশ্যে কিৱি বাহিনীয়ে ডেভন কন'ৱেৰ উইকেট হেৰুৱায়। তেওঁ ৩২ ৰাণ কৰিয়ে পেভিলিয়নমুখী হয়। ইফালে ক্ৰিজত আছে ৰাচীন ৰবীন্দ্ৰ আৰু উইল ইয়ং। উইল ইয়ঙে অৰ্ধশতক অৰ্জন কৰে।

উল্লেখ্য যে, বিশ্বকাপৰ উদ্বোধনী মেচখন অনুষ্ঠিত হৈছিল ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত। এই মেচখনত ৰাচীন ৰবীন্দ্ৰ আৰু ডেভন কন'ৱেৰ দৰ্শনীয় ইনিংছৰ বাবে কিৱি বাহিনীয়ে ইংলেণ্ডৰ বিপক্ষে জয়লাভ কৰিছিল।

উইলিয়ামচন বিহীন নিউজিলেণ্ডৰ আজি দ্বিতীয়খন মেচ
মেৰাপানীত ৫খনকৈ জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in