৪ বছৰীয়া কেঁচা ঘাঁত আৰাম! '১৯ৰ প্ৰতিশোধ '২৩ত ল'লে ভাৰতে

৪ বছৰীয়া কেঁচা ঘাঁত আৰাম! '১৯ৰ প্ৰতিশোধ '২৩ত ল'লে ভাৰতে
Published on
Updated on

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া পুৰুষ বিশ্বকাপ ২০২৩ত জয়ৰ ধাৰা ভংগ হ'ল কিৱি বাহিনীৰ। ২০১৯ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল'লে ভাৰতীয় দলে। ২০১৯ চনত নিউজিলেণ্ডৰ হাতত চেমিফাইনেলত পৰাস্ত হৈ টুৰ্ণামেন্টৰ পৰা বাহিৰ হৈছিল ভাৰত। ৰাণ আউট হৈ পেভিলিয়ন মুখী হোৱা ধোনীৰ লগতে ১ কোটি ৪০ লাখ ভাৰতীয়ৰ বিশ্বজয়ৰ সপোনও উভতনি যাত্ৰা লৈছিল। ২০১৯ৰ সেই তিতা স্মৃতিবোৰ ভাৰতীয়ৰ মনৰ পৰা মচিবলৈয়ে যেন দেওবাৰে ধৰমশালাত নামিছিল ভাৰতীয় দল।

মহাষ্টমীত ক্ৰিকেট মহাৰণত নিউজিলেণ্ডৰ বিৰুদ্ধে ৪ উইকেটত জয়ী হৈ ভাৰতীয় ক্ৰিকেট দলে ভাৰতবাসীক দিলে এক অনন্য উপহাৰ। কোহলিৰ দৰ্শনীয় ৯৫ ৰাণেৰে আৰু ভাৰতীয় বলাৰ মহম্মদ শ্বামীৰ ৫টা উইকেটেৰে ভাৰতে নিজৰ অধীনলৈ আনিলে মেচখন।

ধৰমশালাত নিউজিলেণ্ডৰ দৰে শক্তিশালী দল এটাৰ সন্মুখত ভাৰতীয় বলাৰে দেখালে হাতৰ যাদু । মহম্মদ শ্বামীৰ ৫টা, কুলদীপ যাদৱৰ ২টা, বুমৰাহৰ এটা আৰু ছিৰাজৰ এটা উইকেটেৰে ভাৰতে ২৭৩ ৰাণতে স্তব্ধ কৰিবলৈ সক্ষম হ'ল নিউজিলেণ্ডৰ বেটিং ইনিংচ।

ভাৰতীয় বেটাৰসকলৰ ভিতৰত কোহলিৰ ৯৫ ৰাণ, ৰোহিত শৰ্মাৰ ৪৬ ৰাণ, গিলৰ ২৬ ৰাণ, শ্ৰেয়াচৰ ৩৩ ৰাণ, কে এল ৰাহুলৰ ২৭ ৰাণ, সূৰ্য কুমাৰ যাদদৱৰ ২ ৰাণ আৰু জাডেজাৰ ৩৯ ৰাণে ভাৰতীয় দলটোৰ লগতে সমগ্ৰ ভাৰতবাসীক এই দৰ্শনীয় প্ৰতিশোধৰ সোৱাদ দিয়ে।

৪ বছৰীয়া কেঁচা ঘাঁত আৰাম! '১৯ৰ প্ৰতিশোধ '২৩ত ল'লে ভাৰতে
বিশ্বকাপ'২৩ত শুভমন গিলে গঢ়িলে নতুন অভিলেখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in