ডিজিটেল ডেস্কঃ বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰত। ভাৰতৰ পেছ আক্ৰমণৰ সন্মুখত দিশহাৰা শ্ৰীলংকা। সিংহল দলটোৰ বিৰুদ্ধে ভাৰতৰ ৩০২ ৰাণৰ বৃহৎ বিজয়েৰে ছেমি ফাইনেলত প্ৰৱেশ।
বৃহস্পতিবাৰে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে ৩৫৭ ৰাণ কৰে যদিও ভাৰতৰ এই লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকান দলটোৱে মাত্ৰ ৫৫ ৰাণতে হেৰুৱাই আটাইকেইটা উইকেট। শ্ৰীলংকান দলটোৰ এনে বিপৰ্যয়ৰ মূলতে আছিল মহম্মদ ছামি, ছিৰাজ আৰু বুমৰাহৰ বিধ্বংসী বলিং আক্ৰমণ।
মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহি ৪ ৰাণতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ভাৰতীয় দলটো বিপদত পৰিছিল যদিও শুভমণ গিল, বিৰাট কোহলি আৰু শ্ৰেয়াস আয়াৰৰ দৰ্শনীয় অৰ্ধশতকৰ জৰিয়তে ভাৰতে ৩৫৭ ৰাণ কৰিবলৈ সক্ষম হয়।
গিলে ৯২ বলত ৯২ ৰাণ, বিৰাট কোহলিয়ে ৯৪ বলত ৮৮ ৰাণ আৰু আয়াৰে ৫৬ বলত ৮২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰোপৰি পৰি ৰাহুলে ২১ ৰাণ, সূৰ্য কুমাৰে ১২ ৰাণ, ৰবীন্দ্ৰ জাডেজাই ২৪ বলত ৩৫ ৰাণৰ ইনিংছ খেলে।
শ্ৰীলংকাৰ হৈ দিলছান মধুশংকাই ১০ অভাৰত ৮০ ৰাণ ব্যয় কৰি ৫ টা উইকেট দখল কৰে। দলটোৰ হৈ দুছন্থ চামিৰাই এটা উইকেট দখল কৰে।
ভাৰতে নিৰ্ধাৰণ কৰি দিয়া ৩৫৮ ৰাণৰ লক্ষ্য লৈ খেল পথাৰত নমা শ্ৰীলংকাই প্ৰথমটো বলৰ পৰাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। দলটোৱে মাত্ৰ ৩ ৰাণতে হেৰুৱাই ৪ টাকৈ উইকেট।
প্ৰথম অভাৰৰ প্ৰথমটো বলতে বুমৰাহৰ চিকাৰ হয় পাথোম নিশাংকা। ইয়াৰ পাছত মহম্মদ ছিৰাজৰ চিকাৰ হয় ডিমোথ কৰুণাৰত্নে, ছাদিৰা ছামাৰাৱিক্ৰমা আৰু কুশল মেণ্ডিছ।
ইয়াৰে মেণ্ডিছক বাদ দি বাকী আটাইকেইজন শূন্যত আউট হয়। মেণ্ডিছ আউট হয় এক ৰাণ কৰি। বুমৰাহ আৰু ছিৰাজৰ এনে বলিং আক্ৰমণত মুগ্ধ হৈ থকা ভাৰতীয় অনুৰাগীক ইয়াৰ পাছতে বলিং যাদু দেখুৱাই মহম্মদ ছামিয়ে।
What a sensational performance by #TeamIndia in the #CWC2023! 7 wins in 7 games – a testament to exceptional prowess and strong determination. Congratulations to @imVkohli and @ShubmanGill for their fantastic half-centuries, and the relentless bowling department, led by… pic.twitter.com/HrJ1d271KR
— Jay Shah (@JayShah) November 2, 2023
ছামিয়ে ছাৰিথ আছলাংকা, এঞ্জেলু মেথিউছ, দুশন হেমন্থ, দুছন্থ চামিৰা, কাছুন ৰাজিথাৰ উইকেট দখল কৰে। দলটোৰ অন্তিমটো উইকেট দখল কৰে ৰবীন্দ্ৰ জাডেজাই।
শ্ৰীলংকান দলটোৰ হৈ এজন বেটছমেনেও ১৫ ৰাণৰ সীমা স্পৰ্শ কৰিব নোৱাৰিলে। মাত্ৰ তিনিজন বেটছমেনে ১০ৰ ওপৰত ৰাণ কৰিলে। ৫ জনে শূন্য, দুজনে এক ৰাণকৈ আৰু এজনে ৫ ৰাণ সংগ্ৰহ কৰে।
মেচখনত এইদৰে জয়লাভ কৰাৰ লগে লগে ভাৰতে পইণ্ট টেবুলত শীৰ্ষ স্থান অধিকাৰ কৰাৰ লগতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজিৰ মেচখনত ভাৰতীয় দলটোৰ উপৰি দলটোৰ কেইবাজনো ক্ৰিকেটাৰে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।
ভাৰতে ১৬ বছৰীয়া ৰেকৰ্ড ভংগ কৰি বিশ্বকাপৰ ইতিহাসত সৰ্ববৃহৎ বিজয় সাব্যস্ত কৰিছে। ইয়াৰ পূৰ্বে ২০০৭ বিশ্বকাপত ২৫৭ ৰাণৰ ব্যৱধানত বাৰমুডাক পৰাস্ত কৰিছিল।
India are through to the semi-finals 🎉
A record win over Sri Lanka seals a top four spot 📝⬇️#INDvSL #CWC23https://t.co/G49WMgTuEc— ICC (@ICC) November 2, 2023
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত বিৰাট কোহলি কেইবাটাও ৰেকৰ্ডৰ অধিকাৰী হৈছে। আজিৰ মেচখনত ৮৮ ৰাণৰ ইনিংছ খেলা কোহলিয়ে শ্ৰীলংকাৰ বিৰুদ্ধে ৪০১৮ ৰাণ সংগ্ৰহ কৰিলে।
শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ ৰেকৰ্ড আছে শচীন তেণ্ডুলকাৰৰ নামত। তেওঁ ৫১০৮ ৰাণ সংগ্ৰহ কৰিছিল। কোহলি আছে দ্বিতীয়স্থানত।
ইয়াৰোপৰি কোহলিয়ে বিশ্বকাপত ১৩ বাৰকৈ অৰ্ধশতক কৰিলে। তেওঁ অতিক্ৰম কৰিলো সতীৰ্থ ৰোহিত শৰ্মাক। ইয়াৰ পূৰ্বে দুয়োজনে ১২ বাৰকৈ অৰ্ধশতক কৰি থৈছিল।
চলিত বিশ্বকাপত কোহলিৰ এয়া পঞ্চমটো অৰ্ধশতক। শ্ৰীলংকাৰ বিৰুদ্ধে কোহলিৰ এয়া ১২ সংখ্যক অৰ্ধশতক। বিশ্বকাপৰ ইতিহাসতো সৰ্বাধিক অৰ্ধশতক কৰা নন-অপেনাৰ ক্ৰিকেটাৰৰ তালিকাত কোহলিয়ে শীৰ্ষ স্থান অধিকাৰ কৰিছে।
A performance for the ages from India 😲
Read the report of India’s biggest-ever Men’s World Cup win 📝⬇️#CWC23 #INDvSLhttps://t.co/2noMIR4jON— ICC (@ICC) November 2, 2023
আজিৰ মেচখনৰ পাছত কোহলি হৈ পৰিল এছিয়াৰ ভিতৰত দ্ৰুতভাৱে ৮ হাজাৰ ৰাণ সম্পূৰ্ণ কৰা প্ৰথমজন বেটছমেন। আনহাতে এটা কেলেণ্ডাৰ বৰ্ষত ১০০০ বা তাতোকৈ অধিক ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰৰ তালিকাত বিৰোট কোহলিয়ে শীৰ্ষ স্থান অধিকাৰ কৰিছে।
কোহলিয়ে মুঠ ৮ বাৰ এটা কেলেণ্ডাৰ বৰ্ষত ১০০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল। এই তালিকাৰ দ্বিতীয় স্থানত আছে তেণ্ডুলকাৰ। তেওঁ মুঠ ৭ বাৰ এই ৰেকৰ্ড গঢ়িছে।
কোহলিৰ উপৰি মহম্মদ ছামিয়েও গঢ়িলে কেইবাটাও ৰেকৰ্ড। বিশ্বকাপত দ্ৰুতভাৱে ৪৫ উইকেট সংগ্ৰহ কৰা তেওঁ প্ৰথমগৰাকী বলাৰ। বিশ্বকাপক সৰ্বাধিক ৫ উইকেট দখল কৰা ভাৰতৰ বলাৰ হোৱাৰো ৰেকৰ্ড গঢ়িলে তেওঁ।
Also Read: ছিৰাজ, বুমৰাহৰ সন্মুখত দিকবিদিক হেৰুৱাইছে শ্ৰীলংকাই...