ক্ৰিকেট বিশ্ব মহাৰণত আজি নিউজিলেণ্ড বনাম নেদাৰলেণ্ড

ক্ৰিকেট বিশ্ব মহাৰণত আজি নিউজিলেণ্ড বনাম নেদাৰলেণ্ড
Published on
Updated on

ডিজিটেল ডেস্কঃ দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা শ্বাসৰুদ্ধকৰ খেলখনত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ দৰ্শনীয় ইংনিছে ভাৰতৰ বিশ্ব কাপ ২০২৩ৰ প্ৰথমখন খেলতে জয়ৰ সোৱাদ দিয়ে। দ্বিতীয় ইনিংছত ভাৰতে ২ ৰাণত ৩টাকৈ উইকেট হেৰুৱাৰ পিছত খেল আগুৱাই নিয়ে কোহলী আৰু ৰাহুলে। শেষত বিৰাট কোহলীৰ বেটৰ পৰা অহা ৮৫ ৰাণ আৰু কে এল ৰ অপৰাজেয় ৯৭ ৰাণে ভাৰতক বিজয়ী কৰে।

সোমবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলা হ'ব আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ ষষ্ঠখন মেচ। বিশ্বকাপৰ প্ৰথমখন যাত্ৰা জয়েৰে আৰম্ভ কৰা নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব নেদাৰলেণ্ডৰ দল।

দুপৰীয়া ২:০০ বজাৰ পৰা মেচ আৰম্ভ হ’ব আৰু ১:৩০ বজাৰ ভিতৰত মেচখনৰ টছ সম্পূৰ্ণ হ’ব। নিউজিলেণ্ড দলৰ নেতৃত্বত থাকিব কেন উইলিয়ামছনে আৰু নেদাৰলেণ্ড দলৰ নেতৃত্বত থাকিব স্কট এডৱাৰ্ডছ।

উল্লেখ্য যে দুয়োটা দলৰ বাবেই আজি হ'বলগীয়া মেচ খন শৃংখলাটোৰ দ্বিতীয় খন মেচ। ইয়াৰ পূৰ্বে খেলৰ আৰম্ভণিৰ দিনাই নিউজিলেণ্ডে ইংলেণ্ডৰ সৈতে হোৱা মেচখনত জয়লাভ কৰাৰ বিপৰীতে যোৱা শুকুৰবাৰে হোৱা মেচত পাকিস্তানৰ লগত হোৱা মেচত নেদাৰলেণ্ড পৰাজিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in