শুদ্ধ হ'ল 'ক্ৰিকেট ঈশ্বৰ'ৰ ভৱিষ্যৎ বাণীঃ ৬৭ হাজাৰ দৰ্শকৰ সন্মুখত বিৰাটৰ ৰাজকীয় ইনিংছ...

শুদ্ধ হ'ল 'ক্ৰিকেট ঈশ্বৰ'ৰ ভৱিষ্যৎ বাণীঃ ৬৭ হাজাৰ দৰ্শকৰ সন্মুখত বিৰাটৰ ৰাজকীয় ইনিংছ...
শুদ্ধ হ'ল 'ক্ৰিকেট ঈশ্বৰ'ৰ ভৱিষ্যৎ বাণীঃ ৬৭ হাজাৰ দৰ্শকৰ সন্মুখত বিৰাটৰ ৰাজকীয় ইনিংছ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানে আজিৰ পৰা প্ৰায় এটা দশকৰো অধিক সময়ৰ পূৰ্বে কোনো এক অনুষ্ঠানত শচীন তেণ্ডুলকাৰক উদ্দেশ্যি কৰিছিল এক প্ৰশ্ন। ক্ৰিকেটৰ ভগৱানৰ শাৰিলৈ উন্নীত হোৱা শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ডবোৰ কোনোবাই ভংগ কৰিব পাৰিবনে?

এই প্ৰশ্নত হাঁহিছিল অনুষ্ঠানটোৰ দৰ্শকসকলে। প্ৰশ্নটোৰ লগতে ছলমান খানে শচীনক উদ্দেশ্যি কৈছিল- 'চিধা চিধিকৈ কৈ দিয়া কোনেও তোমাৰ ৰেকৰ্ড ভাঙিব নোৱাৰে।'

অৱশ্যে 'ক্ৰিকেট ঈশ্বৰে' চিনিছিল প্ৰতিভা। বুজি পাইছিল তেওঁৰ এই ৰেকৰ্ডবোৰ বৰ বেছি দিনলৈ সুৰক্ষিত হৈ নাথাকে। তৰুণ ক্ৰিকেটাৰসমূহৰ প্ৰতিভাক তেওঁ অধ্যয়ন কৰিবলৈ জানিছিল। সেয়ে ছলমানৰ এই প্ৰশ্নৰ উত্তৰ স্বাভাৱসুলভ ভাবেই তেওঁ কৈছিল তেওঁৰ ৰেকৰ্ড এসময়ত ভংগ হ’ব।

অনুষ্ঠানটোত উপস্থিত থকা বিৰাট আৰু ৰোহিতকে দেখুৱাই তেওঁ কৈছিল এই দুই ভাৰতীয় তৰুণ ক্ৰিকেটাৰে ভংগ কৰিব পাৰিব তেওঁৰ ৰেকৰ্ডসমূহ। লগতে এই কথাও কৈছিল কোনো ভাৰতীয়ই তেওঁৰ ৰেকৰ্ড ভংগ কৰিলে তেওঁৰ কোনো দুখ নালাগে।

শচীনৰ সেই মন্তব্যই সত্য প্ৰমাণিত হ’ল। এটাৰ পাছত এটাকৈ শচীনৰ বহু কেইটা সৰু সৰু ৰেকৰ্ড ভংগ কৰিলে ৰোহিত আৰু বিৰাটে। অৱশ্যে এতিয়াও অক্ষত হৈ আছে শচীনৰ বহু কেইটা গুৰুত্বপূৰ্ণ ৰেকৰ্ড। যি ৰেকৰ্ড ভংগ কৰাটো হয়তো সম্ভৱ নহ'ব! কিন্তু তেওঁৰ ৰেকৰ্ডযে এতিয়া সুৰক্ষিত হৈ থকা নাই সেয়া প্ৰমাণ কৰিলে বিৰাট কোহলিয়ে।

৫ নৱেম্বৰ, ২০২৩ ত শচীনৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বাধিক শতকৰ ৰেকৰ্ড স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে। তাকো নিজৰ ৩৫ সংখ্যক জন্মদিনৰ দিনটোত। শচীন তেণ্ডুলকাৰে কেৰিয়াৰত মুঠ ৩৬৩ খন মেচ খেলি অৰ্জন কৰিছিল ৪৯ টা শতক। ৪৮ সংখ্যক শতকটোৰ পৰা তেওঁ ৪৯ সংখ্যক শতকটো অৰ্জন কৰিবলৈ মাজত সময়ৰ প্ৰয়োজন হৈছিল ৩৬৫ দিন।

বিৰাট কোহলিয়ে কেৰিয়াৰত মুঠ ২২৯ মেচৰ ২৭৭ টা ইনিংছ খেলি এই ৰেকৰ্ড স্পৰ্শ কৰিলে। চলিত বিশ্বকাপতেই এই পৰ্যন্ত তেওঁৰ বেটৰ পৰা আহিল দুটাকৈ শতক। ইয়াৰে এটা বাংলাদেশৰ বিৰুদ্ধে আনটো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।

এই পৰ্যন্ত বিশ্বকাপত তেওঁ খেলিছে ৮ খন মেচ। ইয়াৰে কেইবাখনো মেচত তেওঁ অৰ্ধশতক কৰি শতকৰ দিশে আগবাঢ়িছিল যদিও এখনত নাৰ্ভাছ নাইনটিৰ স্বীকাৰ হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৫, নিউজিলেণ্ডৰ বিৰুদ্ধে ৯৫ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ৮৮ ৰাণত আউট হৈ তিনিটাকৈ শতকৰ পৰা বঞ্চিত হৈছে।

বিৰাটে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি শচীনৰ ৰেকৰ্ড ভংগ কৰাত উৎফুল্লিত হৈ পৰিছে খোদ শচীন তেণ্ডুলকাৰ। তেওঁ বিৰাটক শুভেচ্ছা জনাই চলিত বিশ্বকাপতে শতকৰ সংখ্যাক ৪৯ ৰ পৰা ৫০ লৈ পৰিৱৰ্তন কৰাৰ বাবে আহ্বান জনাইছে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা মেচনখনত শতক অৰ্জন কৰি বিৰাটে ইয়াৰ বাবে ইশ্বৰক ধন্যবাদ জনালে। কেৱল নিজৰ শতকীয় ইনিংছতেই উৎফুল্লিত হৈ থকাৰ পৰিৱৰ্তে তেওঁ সতীৰ্থ শ্ৰেয়াস আয়াৰৰ অৰ্ধশতকীয় ইনিংছ, অধিনায়ক ৰোহিত শৰ্মাৰ আক্ৰমণাত্মক ইনিংছকো প্ৰশংসা কৰিলে।

তেওঁ কয়, ''জন্মদিনৰ দিনত শতৰাণ কৰিব পাৰিছো। মোক এনে সুযোগ দিয়াৰ বাবে ঈশ্বৰক ধন্যাবাদ। সেয়াও এনেকুৱা এখন মেচত।''ইডেন গাৰ্ডেনৰ গেলাৰীত ৬৭ হাজাৰ দৰ্শকে আজি অপেক্ষা কৰিছিল সেই মহেন্দ্ৰ ক্ষণলৈ।

এই ৬৭ হাজাৰ দৰ্শকৰ গৰিষ্ঠ সংখ্যকেই হয়তো শচীনৰ ৪৯ সংখ্যক শতকীয় ইনিংছৰ সাক্ষী নাছিল। সেয়ে তেওঁলোক বিৰাটৰ অভিলেখ স্পৰ্শৰ এই শতকৰ সাক্ষী হৈ ৰোৱাৰ আগ্ৰহত আছিল।

ইডেনৰ ক’লা মাটিৰ পিটছত বেটিং কৰা সহজ নাছিল। তাৰ পাছতো বিৰাটে খেলিলে ১২১ টা বলত ১০১ ৰাণৰ অপৰাজিত ইনিংছ। এনে কঠিন পিটছত ইনিংছ মুকলি কৰিবলৈ আহিয়েই ৰোহিত শৰ্মাই যি বিধ্বংসী আক্ৰমণাত্মক ইনিংছ খেলিলে, শ্ৰেয়াস আয়াৰেও দায়িত্ব সহকাৰে অৰ্ধশতকীয় ইনিংছ খেলি তেওঁক যোগ্য সহযোগিতা আগবঢ়ালে তাক লৈও সুখী বিৰাট। প্ৰশংসা কৰিলে শুভমণ গিলকো। সকলোৰে দায়িত্বশীল বেটিঙৰ সহায়াত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে থিয় কৰিলে ৩২৭ ৰাণৰ লক্ষ্য।

নিজৰ জন্মদিনত শতকীয় ইনিংছ খেলা ক্ৰিকেটাৰ বিশ্ব ক্ৰিকেটত বহু বেছি নাই। তিনিওটা ফৰ্মেটত মাত্ৰ ১১ জন ক্ৰিকেটাৰে আৰু এদিনীয়া ক্ৰিকেটত ৭ জন ক্ৰিকেটাৰে এনে গৌৰৱৰ মুহূৰ্তৰ সাক্ষী হৈছে।

এদিনীয়া ক্ৰিকেটত প্ৰথমে এই গৌৰৱৰ অধিকাৰী হৈছিল ভাৰতৰ বিনোড কাম্বালি। তেওঁ ১৯৯৩ ৰ ১৮ জানুৱাৰীৰ ২১ সংখ্যক জন্মদিনৰ দিনটোতে ইংলেণ্ডৰ বিৰুদ্ধে ১০০ ৰাণৰ এটা শতকীয় ইনিংছ খেলিছিল।

ইয়াৰ পিছত শচীন তেণ্ডুলকাৰে ১৯৯৮ চনৰ ২৪ এপ্ৰিলত তেওঁৰ ২৫ বছৰ বয়সত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩৪ ৰাণৰ ইনিংছ খেলিছিল। শ্ৰীলংকাৰ ছনথ জয়সূৰ্যই  ২০০৮ চনৰ ৩০ জুনত তেওঁৰ ৩৯ বছৰীয়া জন্মদিনত ১৩০ ৰাণৰ ইনিংছ খেলিছিল।

২০১১ ৰ বিশ্বকাপৰ ৩ মাৰ্চৰ এখন মেচত ৰছ টেইলাৰে ২৭ বছৰ বয়সত ১৩১ ৰাণ সংগ্ৰহ কৰিছিল। টম লাথামে ২০২২ ত নেডাৰলেণ্ডক বিৰুদ্ধে নিজৰ জন্ম দিনতে খেলিছিল ১৩০ ৰাণৰ শতকীয় ইনিংছ।

মিছেল মাৰ্চে চলিত বিশ্বকাপৰ ২০ অক্টোবৰৰ মেচত ১২১ ৰাণৰ আৰু বিৰাট কোহলিয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৫ সংখ্যক জন্মদিনত অৰ্জন কৰিলে ১০১ ৰাণৰ শতকীয় ইনিংছ।

শুদ্ধ হ'ল 'ক্ৰিকেট ঈশ্বৰ'ৰ ভৱিষ্যৎ বাণীঃ ৬৭ হাজাৰ দৰ্শকৰ সন্মুখত বিৰাটৰ ৰাজকীয় ইনিংছ...
ক্ৰিকেটৰ 'তীৰ্থস্থান'ত সমুখ সমৰত নামিব 'টেবুল টপাৰ' ভাৰত আৰু দক্ষিণ আফ্ৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in