ক্ৰিকেটৰ 'তীৰ্থস্থান'ত সমুখ সমৰত নামিব 'টেবুল টপাৰ' ভাৰত আৰু দক্ষিণ আফ্ৰিকা

ক্ৰিকেটৰ 'তীৰ্থস্থান'ত সমুখ সমৰত নামিব 'টেবুল টপাৰ' ভাৰত আৰু দক্ষিণ আফ্ৰিকা
Published on
Updated on

ডিজিটেল ডেস্কঃ দেওবাৰে কলিকতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই চি চি বিশ্বকাপ ২০২৩ৰ ৩৭ তম মেচ। বিয়লি ২ বজাৰ পৰা আৰম্ভ হ'বলগীয়া মেচখনত সমুখ সমৰত নামিব বৰ্তমানৰ টেবুল টপাৰ ভাৰত আৰু দক্ষিণ আফ্ৰিকা। বিৰাট কোহলীৰ জন্মদিন উপলক্ষে দেওবাৰে ইডেন গাৰ্ডেনৰ পৰিৱেশ উত্তেজনাময় হৈ পৰিব বুলি আশা কৰা গৈছে।

ক্ৰিকেট বিশ্বকাপ'২৩ৰ পইন্টচ টেবুলত ১৪ পইন্টেৰে ভাৰত শীৰ্ষ স্থানত থকাৰ পৰিৱৰ্তে ১২ পইন্টেৰে দক্ষিণ আফ্ৰিকা দ্বিতীয় স্থানত আছে।

ক্ৰিকেট ইতিহাসত এই দুয়োটা দলে বৰ্তমানলৈ ৯০ খন এদিনীয়া খেলিছে। তাৰে ৫০ খনত দক্ষিণ আফ্ৰিকা আৰু ৩৭ খনত ভাৰতে জয়লাভ কৰিছে। আৰু ৩খন মেচ ফলাফলবিহীন হৈ ৰৈছে।

বিশ্বজুৰি ক্ৰিকেটাৰসকলৰ বাবে "ভাৰতীয় ক্ৰিকেটৰ মক্কা" বুলি গণ্য কৰা ইডেন গাৰ্ডেনত বেটছমেন আৰু বলাৰ উভয়ৰে বাবে যথেষ্ট সুযোগ থাকে। পিটচখন ক'লা মাটিৰে নিৰ্মিত বাবে বেটাৰসকলে ভাল বাউন্সৰ সুবিধা লাব কৰে।অন্যহাতে স্পিনাৰ আৰু ছিমাৰসকলেও খেলপথাৰখনত ভাল স্পেল উপভোগ কৰে।

ক্ৰিকেটৰ 'তীৰ্থস্থান'ত সমুখ সমৰত নামিব 'টেবুল টপাৰ' ভাৰত আৰু দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে ৰোহিতৰ ডাঙৰ ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in