বিশ্বকাপত আজি ভাৰত বনাম ইংলেণ্ড, স্পিনাৰৰ বাবে নে ছিমাৰৰ বাবে একানাৰ পীটছ ? জানি লওঁক সবিশেষ...

বিশ্বকাপত আজি ভাৰত বনাম ইংলেণ্ড, স্পিনাৰৰ বাবে নে ছিমাৰৰ বাবে একানাৰ পীটছ ? জানি লওঁক সবিশেষ...
Published on
Updated on

ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে বিয়লি ২ বজাত অনুষ্ঠিত হ’বলগীয়া আই চি চি বিশ্বকাপ ২০২৩ৰ ২৯তম মেচত ভাৰতৰ বিৰুদ্ধে খেল পথাৰত নামিব ডিফেন্ডিং চেস্পিয়ন ইংলেণ্ড।

বৰ্তমানলৈ অপৰাজিত ভাৰত ১০ পইন্টেৰে পইন্টচ টেবুলৰ দ্বিতীয় স্থানত আছে। আনহাতে ৪খন খেলত মাত্ৰ এখন মেচত জয় লাভ কৰি ইংলেণ্ডে মাত্ৰ ২ পইন্টেৰে পইন্টচ টেবুলৰ অন্তিম স্থানত আছে। উল্লেখ্য যে, বৰ্তমান পইন্টচ টেবুলৰ প্ৰথম স্থানত দক্ষিণ আফ্ৰিকা, তৃতীয় স্থানত নিউজিলেণ্ড, চতুৰ্থ স্থানত অষ্ট্ৰেলিয়া আছে।

বিশ্বকাপ'২৩ত একানা ক্ৰিকেট ষ্টেডিয়ামত এতিয়ালৈকে হৈ যোৱা তিনিওখন মেচতে স্পিনাৰসকলৰ ইকনমি প্ৰায় ৪.৭৯ হৈ আছে আনহাতে ছিমাৰসকলৰ ইকনমি প্ৰায় ৫.৬৩ হৈ আছে। কিন্তু দেওবাৰৰ খেলখন ৰঙা মাটিৰ খেলপথাৰত অনুষ্ঠিত হ’ব য’ত পাতল ঘাঁহৰ কিছু অংশ থাকিব। এনে পৰিস্থিতিত ছিমাৰসকলে বেছি সুবিধা লাভ কৰাৰ আশা দেখা গৈছে।

বতৰৰ পূৰ্বানুমান অনুসৰি দেওবাৰে দুপৰীয়া তাপমাত্ৰা প্ৰায় ৩১ ডিগ্ৰী চেলছিয়াছ হ’ব যদিও সন্ধিয়া ৫ ডিগ্ৰী হ্ৰাস পাব লাগে। বৰ্তমানলৈ বৰষুণৰ কোনো পূৰ্বাভাস পোৱা হোৱা নাই।

বিশ্বকাপত আজি ভাৰত বনাম ইংলেণ্ড, স্পিনাৰৰ বাবে নে ছিমাৰৰ বাবে একানাৰ পীটছ ? জানি লওঁক সবিশেষ...
মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ ৰবি শস্যৰ পথাৰত নামিছে বোকাখাতৰ কৃষক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in