বিচ্ছিন্নতা, শোক, কষ্ট! ১২ দিনত ২০ লাখ লোকে ত্যাগ কৰিলে ইউক্ৰেইন…

বিচ্ছিন্নতা, শোক, কষ্ট! ১২ দিনত ২০ লাখ লোকে ত্যাগ কৰিলে ইউক্ৰেইন…

author-image
asomiyapratidin
New Update
বিচ্ছিন্নতা, শোক, কষ্ট! ১২ দিনত ২০ লাখ লোকে ত্যাগ কৰিলে ইউক্ৰেইন…

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই লাখ লাখ ইউক্ৰেইনৰ নাগৰিকে দেশ এৰি পলায়ন কৰিছে। সংযুক্ত ৰাষ্ট্ৰই জাৰি কৰা তথ্য অনুসৰি ১২ দিনত প্ৰায় ১২ লাখ ইউক্ৰেইনৰ নাগৰিকে দেশ এৰি অন্য দেশলৈ পলায়ন কৰিছে।

সংযুক্ত ৰাষ্ট্ৰ শৰণাৰ্থী এজেঞ্চী (UNHCR)য়ে জাৰি কৰা অনুসৰি ২০,১১,৩১২ লোকে এৰিছে দেশ, এই গণনা সোমবাৰৰ গণনাতকৈ বহুত বেছি।

এই সন্দৰ্ভত UNHCR ৰ প্ৰমুখ ফিলিপো গ্ৰাণ্ডীয়ে এয়া আশ্চাৰ্যজনক তথ্য বুলি কয় । তেওঁ কয় যে এই বৃহত সংখ্যাৰ আঁৰত আছে ২০ লাখ লোকৰ পৰিয়ালৰ পৰা বিচ্ছিন্নতা, শোক, কষ্ট, খং আৰু লোকচানৰ কাহিনী" । তেওঁ কয় যে "এই নিৰ্মম যুদ্ধই" পৰিয়ালবোৰক আপোনজনৰ পৰা আঁতৰাই পেলাইছে আৰু হতাশা আৰু অকল্পনীয় কষ্টলৈ ঠেলি দিছে"।

তথ্য অনুসৰি অধিকাংশ ইউক্ৰেইনৰ নাগৰিক পোলেণ্ডলৈ যোৱাৰ লগতে একাংশই ৰোমানিয়া, হাংগেৰি আদি দেশ সমূহলৈ গৈছে। উল্লেখ্য যে, এতিয়াও অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। ধ্বংসস্তুপত পৰিণত হোৱা ইউক্ৰেইনে পিছলৈ কেনেদৰে মোকাবিলা কৰিব সেয়া হ'ব লক্ষণীয়।

russia ukraine war