ডিজিটেল ডেস্ক : ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ বুকাৰ বঁটা । গৃহযুদ্ধই জুৰুলা কৰা শ্ৰীল্কাৰ লিখক স্নেহান কৰুণাতিলকে লাভ কৰিলে ২০২২ বৰ্ষৰ বুকাৰ বঁটা । 'দ্যা চেভেন মুনছ অৱ মালি আলমেইডা'ৰ বাবে লিখক গৰাকীয়ে লাভ কৰে এই বঁটা । এই বঁটাৰ সৈতে লিখক গৰাকীয়ে লাভ কৰিব ৫০ হাজাৰ ইউৰো ।
লিখক গৰাকীয়ে ২০০৯ বৰ্ষতেই মৃত ব্যক্তিৰ দৃষ্টিভংগীৰে এক বিশেষ শৈলীৰ সাহিত্যৰ সৃষ্টি কৰাৰ সপোনৰ সফল সমাপ্তি ঘটিছিল শ্ৰীলংকাৰ গৃহযুদ্ধৰ সময়ত । গৃহযুদ্ধত মৃতকৰ চৰকাৰী আৰু বেচৰকাৰী পৰিসংখ্যাৰ মাজৰ ব্যৱধানে আচৰিত কৰি তোলা লিখক গৰাকীয়ে পৰৱৰ্তী সময়ত এগৰাকী মৃত ফটোগ্ৰাফাৰৰ দৃষ্টিভংগীৰে লিখিছিল দ্যা চেভেন মুনছ অৱ মালি আলমেইডা ।
গ্ৰন্থ খনত উল্লেখ আছে কিদৰে এগৰাকী মৃত ফটোগ্ৰাফাৰে নিজৰ বন্ধু বান্ধৱক যুদ্ধৰ ভয়াৱহতা সন্দৰ্ভত তোলা ফটো সমূহ বিচাৰিবলৈ অনুৰোধ কৰিছিল সেই কাহিনী । তাৰ মাজতেই অতি দক্ষতাৰে লিখক গৰাকীয়ে যুদ্ধৰ ভয়াৱহতাৰ কথা বৰ্ণনা কৰিছে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহু লিখকে বিভিন্ন সময়ত নিজা নিজা শৈলীৰে বৰ্ণনা কৰিছিল যুদ্ধক্ষেত্ৰৰ কাহিনী । তাৰ মাজতেই দ্বিতীয় বিশ্বযুদ্ধৰ কথা বৰ্ণাই দুখনকৈ গ্ৰন্থ লিখা এৰিখ মাৰিয়া ৰিমাৰ্কক গণ্য কৰা হয় যুদ্ধক্ষেত্ৰৰ সৰ্বশ্ৰেষ্ঠ লিখকৰূপে । আনহাতে, বিশ্বৰ আন দেশ সমূহৰ দৰেই এছিয়া মহাদেশেও এই ভয়াৱহতা সমান্তৰালকৈ লাভ কৰিছিল যদিও সাধাৰণতে উপেক্ষা কৰা হয় এছিয়া মহাদেশৰ দৃষ্টিভংগীক । কিন্তু তাৰ মাজতেই স্নেহান কৰুণাতিলকৰ এই গ্ৰন্থই সাৱলীলভাৱে বৰ্ণনা কৰিছে শ্ৰীলংকাৰ গৃহযুদ্ধৰ অভিজ্ঞতাক ।
সোমবাৰে অনুষ্ঠিত বঁটা প্ৰদান কাৰ্যসূচীত উপস্থিত থাকি লিখক গৰাকীয়ে মন্তব্য কৰে যে, মনোনয়ন লাভ কৰাটোৱেই তেওঁৰ বাবে এক সন্মানৰ বিষয় । এই বঁটা লাভ কৰাৰ বাবে তেওঁ সচাকৈয়ে সৌভাগ্যশালী ।
উল্লেখ্য যে, বুকাৰ বঁটা প্ৰদান কৰা হয় অইন ভাষাৰ পৰা ইংৰাজী লৈ অনুবাদ কৰা গ্ৰন্থৰ বাবে । আনহাতে, মেন বুকাৰ বঁটা প্ৰদান কৰা হয় কেৱল ইংৰাজী ভাষাতেই লিখা গ্ৰন্থৰ বাবে ।