ভূমধ্য সাগৰত জাহাজ ডুবি সন্ধানহীন ভালেসংখ্যক যাত্ৰী

চৰণেহে জানে মৰণৰ ঠাই। বিপদসংকুল পৰিস্থিতিৰ মাজেৰে সাগৰীয় যাত্ৰা কৰি শিশুসহ ভালেকেইগৰাকী লোকে অকাল

author-image
Asomiya Pratidin
New Update
ভূমধ্য সাগৰত জাহাজ ডুবি সন্ধানহীন ভালেসংখ্যক যাত্ৰী

ডিজিটেল ডেস্ক : চৰণেহে জানে মৰণৰ ঠাই। বিপদসংকুল পৰিস্থিতিৰ মাজেৰে সাগৰীয় যাত্ৰা কৰি শিশুসহ ভালেকেইগৰাকী লোকে অকাল মৃত্যুক সাৱটি ল'বগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভূমধ্য সাগৰত লাম্পেডুচা দ্বীপৰ পৰা যাত্ৰা কৰা দুখন জাহাজ সাগৰত ডুব যোৱাৰ ফলত শিশুসহ ভালেকেইগৰাকী যাত্ৰী নিহত হয়। সাগৰত তীব্ৰ ঢৌ থকা বাবে এই যাত্ৰা নিষিদ্ধ আছিল যদিও যাত্ৰীসকলে একপ্ৰকাৰ মৰসাহ কৰিয়েই যাত্ৰা কৰে।

কিন্তু নিয়তিৰ ওচৰত এই সাহৰ কোনো অৰ্থ নাই। বিপদসংকুল পৰিস্থিতিৰ মাজেৰে যাত্ৰা কৰাৰ ফলত এখন জাহাজ ডুব যায় আৰু তাৰ কিছু সময় পিচতে আনখন জাহাজো সাগৰৰ লহৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰি ডুব যায়।

দুয়োখন জাহাজত প্ৰায় ৯০ গৰাকী যাত্ৰী আছিল। ইয়াৰে প্ৰথমখন জাহাজত ৪৮ জন আৰু আনখনত প্ৰায় ৪২জন যাত্ৰীয়ে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাৰ ফলত শিশুসহ ভালেসংখ্যক লোক নিহত হয় বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দুৰ্ঘটনাৰ ফলত সন্ধানহীন হোৱা প্ৰায় ৫৭গৰাকী যাত্ৰীক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰায় সংখ্যক লোক আফ্ৰিকাৰ নাগৰিক বুলি এক ধাৰণা কৰা হৈছে।

Also Read: তিনিচুকীয়াত ৫ জিলা আৰক্ষী অধীক্ষকৰে জি পি সিঙৰ বিশেষ বৈঠক

Mediterranean Sea Lampedusa